Advertisment

অসম সাহিত্য সভাৰ নিৰ্বাচনঃ দুঘন্টা পলমকৈ আৰম্ভ ভোটগণনা...

উত্তপ্ত পৰিস্থিতিৰ পিছত নিৰ্ধাৰিত সময়তকৈ দুঘন্টা পলমকৈ আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ভোট গণনা পৰ্ব। পুৱা ১০.৩০বজাৰ পৰা ভোট গণনা হোৱাৰ কথা আছিল যদিও দুপৰীয়া ১২বজাতহে নিৰ্বাচনী বিষয়াসকলৰ উপস্থিতিত ভোটৰ বাকচ খোলা গৈছে। 

author-image
Asomiya Pratidin
New Update
jjj

ddd Photograph: (ddd)

ডিজিটেল ডেস্কঃ উত্তপ্ত পৰিস্থিতিৰ পিছত নিৰ্ধাৰিত সময়তকৈ দুঘন্টা পলমকৈ আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ভোট গণনা পৰ্ব। পুৱা ১০.৩০বজাৰ পৰা ভোট গণনা হোৱাৰ কথা আছিল যদিও দুপৰীয়া ১২বজাতহে নিৰ্বাচনী বিষয়াসকলৰ উপস্থিতিত ভোটৰ বাকচ খোলা গৈছে। 

Advertisment

প্ৰথমে গণনা হ'ব প্ৰধান সম্পাদক আৰু উপ-সভাপতিসকলৰ ভোটৰ বাকচ। তাৰ পিছতহে সভাপতি পদৰ দুই প্ৰাৰ্থীৰ ভোট গণনা আৰম্ভ হব। এই গণনা পৰ্বত সাহিত্য সভাৰ সভাপতিও নিৰ্বাচনী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। 

উল্লেখ কৰা প্ৰয়োজন যে, দদৰা ভৃগু ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। পুৱা ভাগতে সৃষ্টি হোৱা মাৰপিটৰ ঘটনাৰ বাবে ভোগগণনা পৰ্ব পলমকৈ আৰম্ভ হোৱা বুলি সদৰি কৰিছে অসম সাহিত্য সভাই। 

অসম সাহিত্য সভা