/asomiyapratidin/media/media_files/2024/12/14/hZtea9T5ptA7hIf28IZ3.jpg)
ডিজিটেল সংবাদ, ধেমাজি: শনিবাৰে অসম নাট্য সন্মিলনৰ ধেমাজি জিলা সমিতিৰ এখন সাধাৰণ সভা ধেমাজি জিলা সাহিত্য ভৱনত অনুষ্ঠিত হয় ৷ জিলা সমিতিৰ স্থায়ী সভাপতি ৰবি গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক প্ৰনৱ হাজৰিকাই ৷
জিলাখনৰ ১১খন শাখা সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সাধাৰণ সভাত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক যোগানন্দ গগৈ লগতে স্বৰ্ণপীঠ মণ্ডলৰ বিষয়ববীয়া ক্ৰমে বুদ্ধেশ্বৰ কোঁৱৰ, ভাইকন দত্ত আৰু মন্টু দত্ত উপস্থিত থাকে।
সভাত জিলা সমিতিৰ কাম-কাজ সম্পৰ্কত আলোচনা কৰি আগন্তুক মঙলদৈত হব লগা স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশনত জিলা সমিতিয়ে অংশগ্ৰহণ কৰা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে
আলোচনা কৰি সিদ্ধান্ত লোৱা হয়।
বিশেষভাৱে ৰাইজৰ পৰাৰ্মশ অনুসৰি জিলা সমিতিখন অধিক গতিশীল কৰাৰ প্ৰতি লক্ষ্য ৰাখি সভাই বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঞি, ভৱিষ্য দিহিঙ্গীয়া ,বিনীতা গাৰোডিয়া, কুঞ্জ বৰা আৰু ৰনজিৎ গগৈক উপদেষ্টা হিচাপে, ৰবি গগৈক সভাপতি,নামেশ্বৰ কাৰ্দঙক কাৰ্য্যকৰী সভাপতি, অনিল কুমাৰ শৰ্মা,মোহন দত্ত,জিতেন ৰাজকোঁৱৰক উপ-সভাপতি হিচাপে, প্ৰনৱ হাজৰিকা আৰু ৰাজেন শইকীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখনি ৩১ জনীয়া বৰ্ধিত শক্তিশালী সমিতি গঠন কৰে ৷
সভাত অসম নাট্য সন্মিলনৰ বিভিন্ন শাখা সমিতিৰ সমূহৰ পৰা ক্ৰমে চিত্ৰ বৰগোহাঁই, জীৱন টায়ে , দেৱ খনিকৰ ,ড° অচ্যুত গগৈ , প্ৰেমানন্দ তালুকদাৰ , মৃদুপৱন চুতীয়া ,পাৰ্থপ্ৰতিম শইকীয়া,পবিত্ৰ সন্দিকৈ , বিনয়কৃষ্ণ তামুলী,তিলক ভৰালী,ৰজনী গগৈ,আনন্দৰাম বৰা, হেমন্ত বৰুৱা,প্ৰিয় দত্ত,নগেন্দ্ৰ নাথ গগৈ , ৰনজিৎ শইকীয়া,নৱজ্যোতি দত্ত, জিতেন দত্ত ,বিপুল বৰুৱাকে ধৰি বহুকেইগৰাকীয়ে অংশগ্ৰহণ কৰে ৷