মন্ত্ৰীৰ নিৰ্দেশো নামানে অসম মালাৰ অধীনৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰে

মন্ত্ৰী কৌশিক ৰাইৰ কথাও নুশুনে অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা বহি: ৰাজ্যৰ ঠিকাদাৰে। মন্ত্ৰীয়ে ঠিকাদাৰক শিঘ্ৰে পথ নিৰ্মাণৰ নিৰ্দেশ দিয়াৰ এমাহ পিছতো গুৰুত্ব নাই ঠিকাদাৰৰ।

author-image
Asomiya Pratidin
New Update
মন্ত্ৰীৰ নিৰ্দেশো নামানে অসম মালাৰ অধীনৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰে

ডিজিটেল সংবাদ শিলচৰ:  মন্ত্ৰী কৌশিক ৰাইৰ কথাও নুশুনে অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা বহি: ৰাজ্যৰ ঠিকাদাৰে। মন্ত্ৰীয়ে পথ পৰিদৰ্শন কৰি ঠিকাদাৰক শিঘ্ৰে পথ নিৰ্মাণৰ নিৰ্দেশ দিয়াৰ এমাহ পিছতো পথ নিৰ্মাণ কৰা নাই ঠিকাদাৰে।

Advertisment

ফলত এজাক বৰষুণতে কদৰ্যময় হৈ পৰিছে কাছাৰ জিলাৰ বৰখলা আৰু কাটিগৰা সংযোগী শিলচৰ - জয়ন্তীয়া পথটো। পথটোৰ শোচনীয় অৱস্থাৰ বাবে আৱদ্ধ হ'ব লগা হৈছে যানবাহন সমুহ।

অসম মালাৰ অধীনত পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে মেচাৰ্চ ডিচি আজমেৰ/ভি আই ডি পি আই-জেভি নামৰ নিৰ্মাণ সংস্থাটোৱে।শিলচৰ-হাফলং ৰাষ্ট্ৰীয় পথৰ বৰখলা সংযোগী পথৰ পৰা কালাইনলৈ ২১.৩৭৮ কিমি পথৰ ঠিকা লাভ কৰিছে এই নিৰ্মাণ সংস্থাটোৱে। 

পথটো মেৰামতি নকৰাৰ ফলত সম্প্ৰতি সৃষ্টি হৈছে অসংখ্য পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ।সোমবাৰে নিশা এখন ট্ৰাক তেনে এটা গাতত পৰিয়েই বিকল হৈ পৰে। ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পথটো। 

পথৰ দুয়োকাষে ঘন্টাৰ পিছত ঘন্টা ধৰি আৱদ্ধ হ'ব লগা হৈছে যানবাহনসমূহ। এজাক বৰষুণৰ পিছতে এই দৰে পথৰ ওপৰত আৱদ্ধ হৈ পৰিছে পথটোৰে চলাচল কৰা যানবাহনসমূহ। ধলচৰা এলেকাত সোমবাৰে নিশাৰ পৰা মঙ্গলবাৰে দুপৰীয়ালৈ ১৫ ঘন্টা ধৰি পথত আৱদ্ধ হ’ব লগা হৈছে শ শ যান বাহন। 

ইফালে, পথটোৰ গাতত আৱদ্ধ হোৱা ট্ৰাকসমূহ তোলাৰ নামত একাংশ লোকে চাৰিৰ পৰা পাঁচ হাজাৰকৈ টকা আদায় কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এনে পৰিস্থিতিত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথাচাৰী, স্কুল, কলেজেৰ ছাত্র-ছাত্রী আৰু সাধাৰণ লোকসকলে।

কাছাৰ পথ নিৰ্মাণ