১৫ জুনত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ স্থগিত ৰখা ১১ মে'ৰ মাতৃ দিৱসৰ কাৰ্যসূচী

অসম লেখিকা সমাজৰ উদ্যোগত আৰু মৰিগাওঁ জিলা লেখিকা সমাজৰ সহযোগত জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অহা ১৫ জুন, ২০২৫ দেওবাৰে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
১৫ জুনত অসম লেখিকা সমাজৰ মাতৃ দিৱসৰ কাৰ্যসূচীঃ অপাৰেচন সিন্দূৰৰ বাবে ১১ মে'ত স্থগিত হৈছিল কাৰ্যসূচী

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ উদ্যোগত আৰু মৰিগাওঁ জিলা লেখিকা সমাজৰ সহযোগত জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অহা ১৫ জুন, ২০২৫ দেওবাৰে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ কাৰ্যসূচী। সমগ্ৰ বিশ্বত পালন কৰাৰ দৰেই ১১ মে’ত মাতৃ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সেই সময়ত অপাৰেচন সিন্দূৰক কেন্দ্ৰ কৰি দেশত সৃষ্টি হোৱা পৰিবেশৰ বাবে প্ৰস্তাৱিত সেই কাৰ্যসূচী স্থগিত ৰখা হৈছিল।

Advertisment

১১ মে'ৰ সেই স্থগিত কাৰ্যসূচী এতিয়া পুনৰ ১৫ জুনত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই কাৰ্যসূচীতে পূৰ্বে নিৰ্ধাৰিত অনুসৰিয়ে অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰঁণি 'সফল মাতৃ বঁটা' প্ৰদান কৰা হ'ব মৰিগাওঁ জিলাৰ জালুগুটিৰ নিবাসী বীণাপ্ৰভা দাসক।

তাৰোপৰি এই অনুষ্ঠানতে গ্ৰন্থ উন্মোচন, 'বহুৰঙী' বিচিত্ৰানুষ্ঠানো অনুষ্ঠিত কৰা হ'ব। দিনৰ ১ বজাৰ পৰা  অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিয়ে।

পুৱা ৯-১৫ মিনিটত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোৰ আটাইকেইটা কাৰ্যসূচীতে সকলোৰে অংশহগ্ৰহণ আশা কৰিছে উদ্যোক্তাসকলে।   

অসম লেখিকা সমাজ