Advertisment

উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ আমন্ত্ৰণক্ৰমে অহা ১২ মাৰ্চত জাতীয় সংগঠনটোৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উৰিয়াগাঁৱত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, উৰিয়াগাঁও : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ আমন্ত্ৰণক্ৰমে অহা ১২ মাৰ্চত জাতীয় সংগঠনটোৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উৰিয়াগাঁৱত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা পৰিষদৰ পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই।

Advertisment

শ্বহীদ তৰ্পণ কৰিব পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাসে। ইয়াৰ পিছতে সতীৰ্থ স্মৰণ কৰিব নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰাগজ্যোতিষ বনিয়াই ।১০:৩০ বজাত অষ্টম বাৰ্ষিক দ্বীপজ্যোতি শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

একেদৰে ১১-০০ বজাত নৱনির্মিত উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয় (কলং ভৱন) উদ্বোধন কৰিব ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে।ইয়াৰ পিছতে প্ৰয়াত হিমাংশু বেজবৰুৱা সোঁৱৰণী ৰাজহুৱা গ্ৰন্থাগাৰ উন্মোচন কৰিব অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

উক্ত অনুষ্ঠানত প্ৰয়াত হিমাংশু বেজবৰুৱাৰ পিতৃ তথা সমাজকৰ্মী কুমুদ চন্দ্ৰ বেজবৰুৱা, মাতৃ অৱনী বেজবৰুৱা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক খগেন চন্দ্ৰ নাথ উপস্থিত থাকিব। বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া, প্ৰচাৰ সম্পাদক দিগন্ত দাস আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়াই ।

uriyagaon অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ