মঙলদৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, অসমৰ জনগণক দ্বি নাগৰিকত্ব প্ৰদান কৰা, অসমৰ উদ্যোগসমূহৰ লগতে চৰকাৰী চাকৰিত ১০০% থলুৱাক নিযুক্তি ব্যৱস্থা কৰা আদি বিষয়ত চৰকাৰে গুৰুত্ব দিয়ক

author-image
Asomiya Pratidin
New Update
মঙলদৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

মঙলদৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,মঙলদৈ : অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, অসমৰ জনগণক দ্বি নাগৰিকত্ব প্ৰদান কৰা, অসমৰ উদ্যোগসমূহৰ লগতে চৰকাৰী চাকৰিত ১০০% থলুৱাক নিযুক্তি ব্যৱস্থা কৰা আদি বিষয়ত চৰকাৰে গুৰুত্ব দিয়ক।- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি এইদৰে মন্তব্য কৰে উপ সভাপতি ভবেশ কাকতিয়ে। 

Advertisment

উল্লেখযোগ্য যে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যালয়ত পালন কৰা হয়। তদুপলক্ষে পুৱা পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি জয়ন্ত শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল চহৰীয়াই।

কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত উপদেষ্টা কমৰুল হক, কেন্দ্ৰীয় উপ-সভাপতি ভৱেশ কাকতি, জিলাৰ উপদেষ্টা নৱজিৎ শৰ্মা, পংকজ ডেকা প্ৰমুখ্যে জিলা  সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ভবেশ কাকতিয়ে কয় যে জাতীয় জীৱনৰ সন্ধিক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহু কৰণীয় আছে।

মূলতঃ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, অসমৰ জনগনক দ্বি নাগৰিকত্ব প্ৰদান কৰা, পূৰ্ণ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন, উদ্যোগ সমূহৰ লগতে চৰকাৰী চাকৰিত ১০০% থলুৱাক নিযুক্তি ব্যৱস্থা কৰা আদি বিষয়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে । লগতে তেওঁ কয়- চৰকাৰক অসমৰ খিলঞ্জীয়াৰ আধিপত্য সুনিশ্চিত কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰি অহা এই বিষয়সমূহ শীঘ্ৰে কাৰ্যকৰী কৰক অন্যথা পুনৰাই পৰিষদে আন্দোলন কাৰ্য্যসূচী হাতত ল'বলৈ বাধ্য হ'ব।

ajycp MANGADAI