/asomiyapratidin/media/media_files/2024/12/01/HIgUdbobEdDNxpaeLaAS.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ সাম্প্ৰতিক সময়ত অসমৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ দুৰৱস্থাৰ ওপৰত লক্ষ্য ৰখি সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত "অসম বচাওক অসম গঢ়ক" শ্লোগানেৰে একাংশ অসমপ্ৰেমীয়ে ৩০ নৱেম্বৰ, শনিবাৰে মাছখোৱাস্থিত প্ৰাগজ্যোতিকা সাংস্কৃতিক প্ৰকল্পত অসমৰ বিকল্প বিকাশৰ পথ সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে।
আলোচনা সঞ্চালন কৰে ড° অপুৰ্ব কুমাৰ বৰুৱাই। নিমন্ত্ৰিত অতিথি আছিল, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাষ্কো ডি শইকীয়া,অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাঠাৰ আৰু অৰ্থনীতিবিদ ড° জয়দ্বীপ বৰুৱা। আলোচনাত ভাষ্কো ডি শইকীয়াই "অসম বচাওক অসম গঢ়ক" শীৰ্ষক নামটোৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কয় যে, এই শ্লোগানটোৱে বুজায় যে, অসম আৰু অসমীয়া সমাজ আজি সংকটত আছে। আজি ইয়াক ৰক্ষা কৰি নতুনকৈ গঢ়াৰ প্ৰয়োজন আছে।
লগতে কয়, শাসনত থকা বিজেপি চৰকাৰে দেশত এক দেশ এক বিধান, এক ভাষা, এক খাদ্য আৰু এক সংস্কৃতি কৰি দেশৰ বিবিধতা ধ্বংস কৰি দেশখনক এক ৰঙেৰে ৰঙাই, দেশৰ ফেডাৰেল চৰিত্ৰক আঘাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ৰাইজৰ দলে ক্ষমতাত আহিলে অসমৰ প্ৰতিটো গাওঁ আৰু প্ৰতিখন ৱাৰ্ডত এখন উৎপাদন কেন্দ্ৰ স্থাপন কৰাৰ লগতে প্ৰতিখন খেতি পথাৰত আধুনিক জলসিঞ্চনৰ ব্যৱস্থা কৰিব। যাতে অসমৰ নিবনুৱা সমস্যা নিৰ্মূল কৰিব পাৰি। আৰু অসমত এক শক্তিশালী জাতীয় অৰ্থনীতি নিৰ্মাণ কৰি প্ৰতিজন নাগৰিকক স্বাভিমানেৰে জীৱন যাপন কৰাৰ সুবিধা প্ৰদান কৰিব।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিজৰ বক্তব্যত কয় "ঐতিহাসিকভাৱে অসম কেতিয়াও এখন দুখীয়া ৰাজ্য নাছিল স্বাধীনতাৰ কালছোৱাত অসমৰ জনমূৰি আয় দেশৰ শীৰ্ষৰ ৰাজ্য সমূহত আছিল আৰু সেই সময়ত আমি কেৱল লোণহে আমদানি কৰিছিলোঁ। বাকী সকলো দ্ৰব্য অসমতে ঘৰুৱাভাৱে উৎপাদন কৰা হৈছিল। বহু পণ্য আমি ৰপ্তানি কৰিছিলোঁ। সেই সময়ৰ পৰা আজিৰ সময়লৈকে ৰাজ্য খনৰ অৰ্থনৈতিক অৱনতিৰ বাবে সময়ে সময়ে ক্ষমতাত থকা দিল্লী আৰু দিছপুৰৰ চৰকাৰ জগৰীয়া। তেল,চূণ,চাহ,বেত,ৰবৰ আদিৰে অসম প্ৰাকৃতিক সম্পদৰ চহকী ৰাজ্য।
লগতে কয় যে,অসমতে ১৯৭০ চনলৈ দেশৰ মুঠ খাৰুৱা তেলৰ ৫০% অসমৰ ডিগবৈৰ পৰা উৎপাদন কৰা হৈছিল। আজিও কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি দেশৰ ১৪% খাৰুৱা তেল ১০% গেছ আৰু ৫০% চাহপাত অসমে দেশখনত যোগান ধৰে। পিছে পৰ্যাপ্ত পৰিমাণৰ শোধন ব্যৱস্থা নথকা বাবে অসমৰ শোধনাগাৰ সমূহক পুতলা শোধনাগাৰ বুলি কোৱা হয়। আমাতকৈ বহু পলমকৈ কাম আৰম্ভ কৰা গুজৰাট দৰে ৰাজ্যই আজি গুজৰাট পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেড গঢ়ি তেলৰ উৎপাদন খনন শোধনৰ লগতে শক্তি উৎপাদনত উঠি পৰি লাগিছে। ফলত, বৃহৎ পুঁজিৰ ঢল সেই ৰাজ্য সমূহত ববলৈ আৰম্ভ হৈছে।
আৰু কয়, তেওঁলোকে এনেদৰে উদ্যোগ গঢ়ি নিজৰ জাতীয় পুঁজি টনকিয়াল কৰিছে। আজি আমি অসম গঢ়িবলৈ হ'লে প্ৰথমতে অসমক বচাই ল'ব লাগিব। আমাৰ ৰাজ্যৰ বিখ্যাত নেতাসকলে তাহানিৰ পৰা আজিলৈ জাতিৰ স্বাৰ্থত কোনো বাস্তৱ ধৰ্মী অৰ্থনৈতিক ৰূপৰেখা তৈয়াৰ কৰিবলৈ ব্যৰ্থ হোৱা বাবেই এতিয়া ৰাজ্যখনৰ এনে অৰ্থনৈতিক দুৰ্দশা হৈছে। অসমৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ চাউল,গাখীৰ,কণী, মাছ আৰু মাংসৰ আমদানি বন্ধ কৰি উৎপাদনত গুৰুত্ব দি যদি আমি ৰাজ্যৰ চাহিদা পূৰণ কৰিব পাৰোঁ তেন্তে এই প্ৰক্ৰিয়াৰ দ্বাৰা ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী কৰিবলৈ সক্ষম হ'ম বুলি মত প্ৰকাশ কৰে।
তৃতীয়তে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাঠাৰে কয়-পাহাৰীয়া জিলা সমূহত দূৰ দূৰণিলৈ পঢ়িবলৈ প্ৰাথমিক বিদ্যালয়ৰ অভাৱৰ বাবে পাহাৰৰ শিশু সকলে ভৈয়ামলৈ আহি মানুহৰ ঘৰত বেতন বিহীন ভাৱে বনুৱাৰ কাম কৰিবলগীয়া হয়। লগতে জিলাখনত উৎপাদন হোৱা দ্ৰব্য সমূহ তেনেই সামন্য মুল্যত ক্ৰয় কৰি মধ্য ভোগীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি ব্যাপক মুনাফা আদায় কৰে কিন্তু স্থানীয় জনজাতীয় কৃষক সকলে আৰ্থিক দৈন্যতাত ভুগি থাকিব লগিয়া হয়। তেখেতে ৰাজ্যখনৰ দুখন ছবিৰ কথা কয় য'ত গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকা দ্ৰব্যৰ মুল্য বৃদ্ধি ইত্যাদি সংঘটিত হৈছে। কিন্তু পাহাৰীয়া অঞ্চলৰ ৰাইজে নিজৰ উৎপাদিত পণ্যৰ উচিত দাম নাপায়। সামান্য মৌলিক শিক্ষা স্বাস্থ্যৰ সুবিধা খিনি চৰকাৰৰ পৰা লাভ কৰাত বঞ্চিত হৈছে।
অধ্যাপক জয়দ্বীপ বৰুৱাই কয়, অসমৰ বিকল্প বিকাশৰ পথটো কেনেকৈ নিৰ্মাণ হ'ব ৰাজনৈতিক দলসমূহে নিজৰ ইস্তাহাৰত লিখিয়েই সীমাবদ্ধ হৈ থাকিব নে জনগণৰ সৈতে আলোচনাত মিলিত হৈ সকলো শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰি এই ৰূপৰেখা নিৰ্মাণ কৰিব? এই প্ৰশ্নটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া উচিত। আনহাতে আমাৰ জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মান উন্নত কৰাৰ লগতে চৰকাৰ খনে কৰিব বিচৰা কামসমূহৰ বাবে উন্নত ৰাজহ আৰ্জনৰ ব্যৱস্থা সম্পৰ্কে গুৰুত্ব দি বিকাশৰ বিকল্প পথ নিৰ্মাণ কৰিব লাগিব।
লগতে তেওঁ কয় যে, ভাৰত বৰ্তমান বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি কিন্তু বাকী সকলো মানৱ সম্পদৰ সুচাংকত আমি পিছপৰা। ৫ ট্ৰিলিয়নৰ কথা কৈ গৌৰৱ কৰা অৰ্থনীতিত জনসাধাৰণৰ অৱস্থা কিন্তু খুবেই বেয়া। ভাৰতৰ আগশাৰীৰ পাঁচ খন ৰাজ্যলৈ মন কৰিলে দেখিব যে মানৱ সম্পদৰ সূচাংক সমূহত কিন্তু তেওঁলোকৰো অৱস্থা পুতৌজনক। সেয়ে ভাৰতৰ পাঁচখন শীৰ্ষ ৰাজ্যত অসম আহিলেই নহ'ব মানৱ সম্পদ সূচাংক সমূহতো পৃথিৱীৰ আগশাৰীত নিজকে পৰিগণিত কৰিব পাৰিব লাগিব। তেতিয়াহে ৰাইজৰ প্ৰকৃত বিকাশ হ'ব।
প্ৰশ্ন উত্তৰ শিতান সঞ্চালনা কৰে ইয়চমিনাৰা বেগমে। সঞ্চালক ড° অপূৰ্ব কুমাৰ বৰুৱা কয় যে, অসমৰ অনগ্ৰসৰতা অভ্যন্তৰীণ ঔপনিৱেশিক শোষণৰ ফল। সেয়ে বিকাশৰ প্ৰসংগ ইয়াৰ সন্দৰ্ভত আলোচিত হোৱা উচিত। অনুষ্ঠানটোত সমূহ আহ্বান মণ্ডলীৰ সদস্যৰ লগতে লেখক প্ৰণৱ জ্যোতি ডেকা, প্ৰাক্তন প্ৰশাসনিক বিষয়া লক্ষ্মীনাথ তামুলী, অধিবক্তা শান্তনু বৰঠাকুৰ, দেবেন তামুলী, এলেন ব্ৰুক, ফাদাৰ টমাছ, অজিত পাটোৱাৰী, নাজিবুদ্দিন আহমেদ, অমৃত খটনীয়াৰ, দিলীপ বৰা, অজিত চন্দ্ৰ তালুকদাৰ, অসমী গগৈ, ৰাতুল মহন্ত ভালেমান বহু দল সংগঠনৰ নেতৃবৰ্গৰ লগতে "অসম বচাওক অসম গঢ়ক" অভিযানত বিশ্বাসী বহু সহযাত্ৰী উপস্থিত থাকে।