Advertisment

অসম জাতীয় পৰিষদৰ কার্যালয়ত তলা লাগিবঃ দুলু আহমেদ

শুৱালকুচিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি এনেদৰে বিৰোধীৰ বিৰুদ্ধে ক্ষোভ উজাৰে দুলু আহমেদে। আজিৰ সভাত অংশ লয় দলৰ সভাপতি ৰমেন বৰঠাকুৰৰ লগতে সাংসদ সুস্মিতা দেৱে। সঞ্জীৱ মহন্ত আৰু চিচিৰ কলিতাই আঁতধৰা সভাত দলৰ কেইবাজনো নেতা কৰ্মীয়ে অংশ লয়।

author-image
Asomiya Pratidin
New Update
we

ডিজিটেল সংবাদ,হাজোঃ  "কাইলৈ অসম জাতীয় পৰিষদৰ কার্যালয়ত তলা লাগিব। জাকে জাকে জাতীয় পৰিষদৰ নেতা কৰ্মী তৃণমূল কংগ্ৰেছত যোগ দিব। অখিল গগৈ,বদৰুদ্দিনৰ নকল কপি।নিৰ্বাচনলৈ টিকি থাকিব অখিল গগৈ"-  শুৱালকুচিত সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য তৃণমূল কংগ্ৰেছৰ অসমৰ মুখ্য সমন্বয়ক দুলু আহমেদৰ।

Advertisment

আজি শুৱালকুচিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি এনেদৰে বিৰোধীৰ বিৰুদ্ধে ক্ষোভ উজাৰে দুলু আহমেদে। আজিৰ সভাত অংশ লয় দলৰ সভাপতি ৰমেন বৰঠাকুৰৰ লগতে সাংসদ সুস্মিতা দেৱে। সঞ্জীৱ মহন্ত আৰু চিচিৰ কলিতাই আঁতধৰা সভাত দলৰ কেইবাজনো নেতা কৰ্মীয়ে অংশ লয়।

উল্লেখ্য যে, উক্ত সভাতে হাজো,শুৱালকুচি,ৰঙিয়া বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত ১৪ নৱেম্বৰত অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা। উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰে প্ৰমাণ পত্ৰ আৰু ট্ৰফী। এই সকল উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ফেব্ৰুৱাৰী মাহত দাৰ্জিলিং ভ্ৰমণৰ ব্যৱস্থা কৰি দিব বুলিও উল্লেখ কৰে দুলু আহমেদে।

দুলু আহমেদ