/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/nm4vxrxi/3.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা অনুসূচিত জনজাতি সমাজ আৰু সাংস্কৃতিক সংগঠনৰ প্ৰতিনিধি, শিল্পী আৰু চিন্তাবিদসকলৰ অংশগ্ৰহণেৰে দেওবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত "অসম জনজাতি সাংস্কৃতিক মহাসভা"ৰ বিশেষ সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সোনোৱাল কছাৰী সাংস্কৃতিক সমাজ আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বদাণ্যতাত অনুষ্ঠিত এই বিশেষ সাধাৰণ সভাখন পুৱা ১০বজাত সোনোৱাল কছাৰী সকলৰ আৰাধ্য "খ্ৰিং খ্ৰিং বাইথ" দেৱতালৈ সেৱা আৰু শ্ৰদ্ধাঞ্জলি জনায় সোনোৱাল কছাৰী সমাজ তথা অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ডা: জীতেন্দ্ৰ নাথ বড়া আৰু অসম জনজাতি সাংস্কৃতিক মহাসভা" সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত অনুষ্ঠিত বিষয় বাচনি সভাত সভাপতিত্ব কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/1v01txmb/042ced4e-a10d-4bc6-94ab-6b9baafbc5ea.jpg)
বিষয় বাচনি সভাত যোৱা ৩০জুনত জাগীৰোডত অনুষ্ঠিত মহাসভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাত গৃহীত খচৰা সংবিধানখন পুনৰ বিষয় বাচনি সভাত পাঠ কৰে মহাসভাৰ উপ সভাপতি ড০ পৱিত্ৰ কুমাৰ পেগুৱে। উপস্থিত বহু গৰাকী বিশিষ্ট ব্যক্তিয়ে সংবিধানখনৰ ওপৰত বক্তব্য আৰু পৰামৰ্শ আগবঢ়ায়। বিস্তৃত আলোচনাৰ অন্তত সংবিধানখন সৰ্বসন্মতিক্ৰমে সাধাৰণ সভাত গৃহীত হয়। সংবিধানখন গৃহীত হোৱাৰ পাছত মহাসভাৰ সভাপতিয়ে পুৰণি কাৰ্যনিৰ্বাহক সমিতিখন ভংগ হোৱা বুলি ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/qx5iu23s/510d7668-d5b7-4f20-8681-1b777c7a4b03.jpg)
এই সভাতে গৃহীত সংবিধানৰ আধাৰত সভাত উপস্থিত সকলো সদস্যৰ সন্মতিক্ৰমে তিনিবছৰৰ (২০২৪- ২০২৭) বাবে ৰাজ্যিক ভিত্তিত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। দেৱেন্দ্ৰ নাথ বসুমতাৰীক পুনৰ সভাপতি ৰূপে নিৰ্বাচন কৰা এই সমিতি খনত ড০ পৱিত্ৰ কুমাৰ পেগুক কাৰ্যকৰী সভাপতি, অতুল কুমাৰ দেউৰী ভৰালী, কালিকান্ত বড়ো আৰু ৰাজ কুমাৰ ৰাভাক উপ সভাপতি, সূৰুয কুমাৰ পাতিৰিক মুখ্য সম্পাদক আৰু অসম সৌৰভ নাদিৰাম দেউৰীক অতিৰিক্ত মুখ্য সম্পাদক, জয়মতী নাৰ্জাৰী, ড০ সুৰঞ্জনা হাচনু, বসন্ত সোনোৱাল আৰু সঞ্জীৱ কুমাৰ হাজঙক সম্পাদক, ড০ তুলসী সোনোৱালক পত্ৰিকা সম্পাদক, অনিলা দৈমাৰীক কোষাধ্যক্ষ, নিৰণ খাখলাৰী প্ৰমুখ্যে চৈধ্য গৰাকী সাংগঠনিক সম্পাদক আৰু সকলো অঞ্চল আৰু জনজাতি সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কাৰ্যকৰী সদস্যক লৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/cx80vncg/6f641773-b0d5-4b4d-bbe6-8b52e67eaed9.jpg)
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিক দিহা পৰামৰ্শ দি সঠিক দিশেৰে সাংস্কৃতিক মহাসভাক আগুৱাই নিয়াত সহায় কৰাৰ বাবে চন্দ্ৰসিং ক্ৰ'ক মুখ্য উপদেষ্টা আৰু ডা: জীতেন্দ্ৰ নাথ বড়া,পোনাৰাম মিলি প্ৰমুখ্যে বহু গৰাকী অভিজ্ঞ ব্যক্তিৰে এক উপদেষ্টা মণ্ডলী গঠন কৰা হয়। এই সভাত, অহা চেপ্তেম্বৰ মাহৰ ১৬ তাৰিখে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে ঘোষণা কৰে। নৱগঠিত উপদেষ্টা মণ্ডলীৰ মুখ্য উপদেষ্টা চন্দ্ৰসিং ক্ৰ'ৱে মহাসভাৰ পৰৱৰ্তী সভা তথা অধিবেশন ডিফুত অনুষ্ঠিত কৰাৰ বাবে মহাসভাৰ প্ৰতি গোহাৰি জনোৱাত সভাই আনন্দেৰে সন্মতি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/4jmk7wb5/fc6a8863-d205-4347-9f29-0b3606327d73.jpg)
বিষয় বাচনি সভাৰ অন্তত অনুষ্ঠিত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে মেচ কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ চন্দন মেচ আৰু শিলচৰৰ জনজাতি কল্যাণ পৰিষদৰ অধ্যক্ষ শোভিত বৰ্মন আৰু ডিব্ৰুগড়ৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অনুষ্ঠানৰ সঞ্চালক লোহিত ডেকাই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। উপস্থিত অতিথিয়ে তেওঁলোকৰ ভাষণত মহাসভাৰ গঠন আৰু কাৰ্যাৱলীৰ প্ৰশংসা কৰাৰ লগতে মহাসভাক সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ আশ্বাস দিয়ে। সাংস্কৃতিক অনুষ্ঠানত অসম সৌৰভ নাদিৰাম দেউৰীৰ নেতৃত্বত তেওঁৰ শিল্পী দলে তিৱা লোকনৃত্য, ডেৰমী পেগুৰ পৰিচালনাত মিচিং লোকনৃত্য , আমিন মেচৰ নেতৃত্বত মেচ কছাৰী লোকনৃত্য আৰু লাৱণ্য দেউৰীৰ নেতৃত্বত তেওঁ সংগীসকলে দেউৰী লোকনৃত্য প্ৰদৰ্শন কৰে।
উল্লেখনীয় যে এইবাৰ প্ৰথম বাৰৰ বাবে মহাসভাৰ বিষয় বাচনি সভা আৰম্ভ কৰা হৈছিল "অসম জনজাতি সাংস্কৃতিক মহাসভা" ৰ বাবে ৰচিত এটি সমবেত কণ্ঠৰ গীতেৰে। গীতটিৰ ৰচক, সুৰকাৰ আৰু সংগীত ৰচনা- পৰিচালনা ড০ পৱিত্ৰ কুমাৰ পেগুৰ। গীতটি পৰিবেশন কৰিছিল দীপ্তিৰাণী পেগু আৰু আৰু তেওঁৰ সংগীসকলে।
Also Read: বটদ্ৰৱা আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী সহ সৰবৰাহকাৰী আটক