অসম চৰকাৰৰ অসামৰিক সন্মান ঘোষণাঃ ৰাণা প্ৰতাপ কলিতালৈ ৰাজ্য চৰকাৰৰ অসম বৈভৱ বঁটা...

বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱালৈ অসম সৌৰভ বঁটা। বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ এইবছৰৰ অসম সৌৰভ বঁটা। ভাৰতীয় মহিলা দলৰ ক্ৰিকেট উমা ছেত্ৰীলৈ এইবাৰৰ অসম সৌৰভ বঁটা। TCS চেয়াৰমেন ডঃ এছ ৰামাডুৰাইলৈও সৌৰভ বঁটা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
্িু

্িু

ডিজিটেল সংবাদ,গুৱাহাটীঃ  কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি আজি অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰে। অসমৰ সুযোগ্য সন্তান ৰঙিয়াৰ নিবাসী অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট বিষয়া ৰাণা প্ৰতাপ কলিতালৈ এইবাৰ ৰাজ্য চৰকাৰে আগবঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা।

Advertisment

আনহাতে ৰাজ্যৰ ৬ গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা ঘোষণা কৰিছে। বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱা, বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ লগতে ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ উমা ছেত্ৰীলৈ। লগতে অসম সৌৰভ বঁটা আগবঢ়োৱা আন তিনিজন ব্যক্তি হৈছে TCS চেয়াৰমেন ডঃ এছ ৰামাডুৰাই,বিজ্ঞানী ড০ বাপী পাল আৰু ড০ পূৰৱী শইকীয়া।

ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে মুঠ ১৫ গৰাকী ব্যক্তিলৈ। অসম গৌৰৱ বঁটা প্রাপকসকল ক্রমে-শগুণৰ সংৰক্ষণৰ কাৰণে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা লখিমপুৰৰ ফুলেশ্বৰী দত্তৰ লগতে বাইক ৰাইডাৰ মীনাক্ষী দাস,কাঁহ শিল্পী ধীৰেন্দ্র নাথ পাল, ISL খেলুৱৈ পাৰ্থ সুন্দৰ গগৈ,বিৰং টেৰণ,শ্রীভূমি জিলাৰ নজৰুল হক,যোৰহাটৰ যুৱক বিশ্বজিত বৰা,বজালীৰ দুগ্ধ উদ্যোগী ভাৰত কলিতা, বৰলাংছফা নাজাৰ্ৰী,উপমন্যু বৰকাকতিলৈ অসম গৌৰৱ বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ।

ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ অগ্রণী ৰাম চাচনীলৈ অসম গৌৰৱ বঁটা ঘোষণা কৰে অসম চৰকাৰে। সমান্তৰালকৈ পৰিৱেশ আৰু জন্তু সংৰক্ষণৰ বাবে ৩টা অনুষ্ঠান ক্ৰমে- চোৰেণ এহেম, ইক’ ডেভলেপমেণ্ট ছ’চাইটী, হস্তীবন্ধুলৈ এই বঁটা ঘোষণা কৰে ৰাজ্য চৰকাৰে।

 

অসম বৈভৱ