আস্মিতা ৰাষ্ট্ৰীয় খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগলৈ ৰাওনা অসম তথা উত্তৰ- পূবৰ দলৰ...

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
আস্মিতা ৰাষ্ট্ৰীয় খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগলৈ ৰাওনা অসম তথা উত্তৰ- পূবৰ দলৰ

ডিজিটেল ডেস্ক : আগন্তুক ৫ ৰ পৰা ৮ এপ্ৰিলত জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড'ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'বলগীয়া আস্মিতা ৰাষ্ট্ৰীয় খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ :২০২৫। এই লীগত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ লগতে উত্তৰ-পূৱ ৰাজ্যৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈসকল মঙলবাৰে গুৱাহাটীৰ কামাখ্যা ৰেল-ষ্টেচনৰ পৰা কাশ্মীৰ অভিমুখে ৰাওণা হ'ব। 

Advertisment

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত অসমৰ ১২ গৰাকী খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি সমগ্ৰ উত্তৰ-পূৱ ৰাজ্যসমূসৰ নেতৃত্ব বহনকাৰী অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

Assam Sports