Advertisment

১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত শোচনীয় পৰাজয় ভাৰতৰ

ভাৰতৰ শক্তিশালী বলিঙে বাংলাদেশক ১৯৮ ৰাণতে সীমাবদ্ধ কৰিবলৈ সক্ষম হৈছিল কিন্তু দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ বেটিঙৰ বিপৰ্যয়ে ভাৰতক শিতাপ দখল কৰাৰ পৰা বঞ্চিত কৰিছিল ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত শোচনীয় পৰাজয় বৰণ কৰিলে ভাৰতীয় দলে । ফাইনেলৰ খিতাপ দখল কৰে বাংলাদেশ দলে । ১৯৯ ৰাণৰ লক্ষ্য খেদি খেদি ভাৰতে ৩৫.২ অভাৰত মাত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৩৯ ৰাণ।  বাংলাদেশৰ হৈ  ইকবাল হোছেইন ইমন আৰু মোড আজিজুল হাকিম তামিমে তিনিটাকৈ উইকেট দখল কৰে।

Advertisment

ভাৰতৰ শক্তিশালী বলিঙে বাংলাদেশক ১৯৮ ৰাণতে সীমাবদ্ধ কৰিবলৈ সক্ষম হৈছিল কিন্তু দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ বেটিঙৰ বিপৰ্যয়ে ভাৰতক শিতাপ দখল কৰাৰ পৰা বঞ্চিত কৰিছিল । ভাৰতৰ হৈ যুধাজিৎ গুহা, চেতন শৰ্মা আৰু কিৰণ চোৰমালেই দুটাকৈ উইকেট দখল কৰিছিল। বাংলাদেশৰ হৈ মোঃ ৰিজান হোছানে ৪৭ ৰান কৰাৰ বিপৰীতে মহম্মদ শ্বিহাব জেমছেও ৪০ ৰানৰ গুৰুত্বপূৰ্ণ ৰাণৰ অৰিহণা যোগায়।

ভাৰতীয় বেটিং ইউনিটৰ কোনোৱেই নিজৰ স্কৰত বিশেষ বৰঙণি আগবঢ়াব নোলাৰিলে । বেটিঙত ভাৰতৰ হৈ কোনো খেলুৱৈয়ে অংশীদাৰিত্বৰ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল । অপেনাৰ আৰিয়ান মাহত্ৰে আৰু বৈভৱ সূৰ্য্যবংশীয়ে  বৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। দুয়োজন বেটছমেন ভুল শ্বট নিৰ্বাচনৰ বাবে আগতীয়াকৈ আউট হব লগা হৈছিল ।

উল্লেখযোগ্য যে একেটা দিনতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখঠেকেচা খাইছিল ছিনিয়ৰ ভাৰতীয় দলে । ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ভাৰতীয় দলৰ পৰাজয় বৰণে অষ্ট্ৰেলিয়াৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিছে । কিয়নো প্ৰথমখন টেষ্টত ভাৰতৰ হাহত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া দল । লক্ষণীয় যে প্ৰখমখন টেষ্টত ভাৰতীয় দলৰ নেতৃত্ব লৈছিল তাৰকা বলাৰ জেছপ্ৰীত বুমাৰাহে ।

এছিয়া কাপ ভাৰত ক্ৰিকেট