ডিজিটেল ডেস্ক : অহা ৬ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব প্ৰথমখন অষ্টলক্ষ্মী মহোৎসৱ। এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পকলা, শিল্প সংস্কৃতি আৰু অঞ্চলটোৰ বৈচিত্ৰ্যৰ সংমিশ্ৰণ বাণিজ্যিকভাৱে প্ৰদৰ্শন কৰা হ’ব।
ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰা এই মহোৎসৱত থাকিব উত্তৰ- পূবৰ ৮খন ৰাজ্যৰ বাবে ৮টা পেভিলিয়ন। ইয়াৰ উপৰিও থাকিব এখন গ্ৰাম্য হাট-বজাৰ। এই গ্ৰাম্য হাট- বজাৰত প্ৰতিখন ৰাজ্যৰ পৰা ৪০জনকৈ তৃণমূল পৰ্যায়ৰ শিল্পী আৰু কৃষককে ধৰি সৰ্বমুঠ ৩২০ জন অংশগ্ৰহণকাৰীয়ে অংশ ল’ব।
ইয়াৰ উপৰিও ক্ৰেতা আৰু শিপিনীসকলৰ বাবে এক মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ’ব মহোৎসৱস্থলীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মহোৎসৱ উদ্বোধন কৰিব। উত্তৰ- পূৰ্বাঞ্চলৰ গ্ৰাম্য শিল্পকৰ্মক বিশ্বৰ বজাৰত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে ৩৩ টা জি আই টেগ থকা সামগ্ৰীৰ লগতে মুগা আৰু এড়ী মুগাৰ সামগ্ৰীৰ দুখন প্ৰদৰ্শনীও ইয়াত অনুষ্ঠিত হ’ব।
সন্ধিয়ালৈ অনুষ্ঠিত হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সাংস্কৃতিক অনুষ্ঠান। এই মহোৎসৱত অংশ ল’ব উত্তৰ- পূবৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই মহোৎসৱৰ সন্দৰ্ভত জানিবলৈ দি কয়- উত্তৰ- পূবৰ সম্ভাৱনাক এই মহোৎসৱে সাংস্কৃতিক সম্পদ আৰু অৰ্থনৈতিক শক্তিক কেন্দ্ৰ ৰূপত তুলি ধৰিব। উন্নত উত্তৰ-পূব, উন্নত ভাৰতৰ লক্ষ্যৰে এই মহোৎসৱ আয়োজন কৰা হৈছে।