অষ্টলক্ষ্মী মহোৎসৱত বিশেষভাৱে সমাদৃত হৈছে অসমৰ পুথিচিত্ৰ প্ৰদৰ্শনী

উত্তৰ পূব ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতি আৰু সম্ভাৱনাময় অৰ্থনীতি প্ৰদৰ্শনৰ লক্ষ্যৰে ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে অষ্টলক্ষ্মী মহোৎসৱ। অষ্টলক্ষ্মী মহোৎসৱত সমাদৃত হৈছে অসমৰ পুথিচিত্ৰ প্ৰদৰ্শনী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উত্তৰ পূব ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতি আৰু সম্ভাৱনাময় অৰ্থনীতি প্ৰদৰ্শনৰ লক্ষ্যৰে ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে অষ্টলক্ষ্মী মহোৎসৱ। উত্তৰ পূৱ ভাৰতৰ পৰম্পৰাগত শিল্পকলা, বস্ত্ৰ উদ্যোগ, পৰ্যটন, জি আই টেগ সামগ্ৰীক প্ৰাধান্য দিয়া এই অষ্টলক্ষ্মী মহোৎসৱৰ আজি অন্তিম দিন।

Advertisment

 

ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ৰ দ্বাৰা তথা উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে আয়োজন কৰা এই অষ্টলক্ষ্মী মহোৎসৱত বিশেষভাৱে সমাদৃত হৈছে অসমৰ পুথিচিত্ৰ প্ৰদৰ্শনী। নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত মহোৎসৱলৈ পাৰম্পৰিক কলা প্ৰদৰ্শনীত অসমৰ পৰা নিমন্ত্ৰণ লাভ কৰিছে চিত্ৰ শিল্পী সুজিত দাসে। বিশিষ্ট শিল্পী দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ যুগত সৃষ্ট এই প্ৰাচীন শিল্পকলাৰ প্ৰদৰ্শনীৰ লগতে হেঙুল হাইতাল, ধলমাটি, নীল, বেলৰ আঠা আদি প্ৰাকৃতিক উপাদানৰে সাঁচিপাতত কেনেদৰে এই চিত্ৰ শিল্প প্ৰস্তুত হয় তাৰো হাতে কামে প্ৰদৰ্শন দাঙি ধৰে।

 

গুৰুজনাৰ জীৱন ভিত্তিত চিত্ৰকে আদি কৰি বিভিন্ন পুথিচিত্ৰ এই প্ৰদৰ্শনী দৰ্শন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,  ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া,  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী,  মন্ত্ৰী সকলে ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে, নগাঁৱৰ শিল্পী সুজিত দাসৰ তত্বাৱধানত "আৰ্ট ভিলেজ" শীৰ্ষক কলা বিথিকাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থীৰ চিত্ৰ সমূহো এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয় ।

northeast delhi