/asomiyapratidin/media/media_files/2025/04/05/o93nrzD6mKRCfDOeK85j.jpg)
অশোকাষ্টমী
ডিজিটেল ডেস্ক: অশোকাষ্টমী উপলক্ষে শনিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত লোকাৰণ্য পৰিৱেশ। অসংখ্য ভক্তই ভিৰ কৰিলে নদীৰ পাৰ। লোকবিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনটোত সনাতন ধর্মৰ লোকসকলে পাপ নাশ হ'বৰ বাবে স্নান কৰি আহিছে। ধুবুৰীৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তগণৰ আগমনত তীৰ্থস্থানত পৰিণত হৈছে ধুবুৰীৰ মহাবাহুৰ পাৰ। হিন্দু পৰম্পৰা অনুসৰি, আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰত স্নান কৰাটো অতি পবিত্ৰ বুলি গণ্য হয়। ইয়াৰ লগতে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে অৰ্ঘদান কৰে ব্ৰহ্মপুত্ৰৰ বুকুত। তাৰোপৰি এই পবিত্ৰ দিনটোতেই চুলি দান, পিণ্ডদানৰ দৰে বহু ধৰ্মীয় নিয়ম নীতি সমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পালন কৰে লাখ লাখ ভক্তই । ধুবুৰীৰ পঞ্চুঘাট, যোগমায়া ঘাট, মেলা ঘাট, কাছাৰী ঘাটত হাজাৰ হাজাৰ ভক্তই কৰে স্নান।
ইফালে জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ পশ্চিম প্ৰান্তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত শনিবাৰৰ পৰা আৰম্ভ হৈছে অশোকাষ্টমী(গংগাস্নান)উদযাপন৷ বিগত বৰ্ষ সমুহৰ দৰেই এইবাৰো ৪,৫,৬,৭আৰু ৮ এপ্ৰিলত পাঁচদিনীয়াকৈ অশোকাষ্টমী উপলক্ষে নদীত স্নান কৰিব হেজাৰ হেজাৰ ভক্তপ্ৰান ৰাইজে। লগতে কাষত থকা মন্দিৰত পূজা অৰ্চনা কৰি অপায় অমংগল দূৰ হোৱাৰ কামনাৰে কৰিব আশীষ গ্ৰহণ ৷ অশোকাষ্টমী মেলা উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ নদীৰ পাৰত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে আইনসৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাও পৰিলক্ষিত হয়৷
একেদৰে মন্ত্ৰোচ্চাৰণে মুখৰিত ওদালগুৰি জিলাৰ ৰৌতাৰ শ্রী শ্রী বাসন্তী পূজা আৰু অষ্টমী মেলাৰ প্ৰাঙ্গণ। ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে ৭৪ তম পৰম্পৰাগত বাসন্তী পূজাৰ। তৃতীয় দিনাৰ গংগাস্থান পৰ্বৰ অনুষ্ঠানত ধনশ্রী নৈত স্নান কৰে হাজাৰ হাজাৰ ভক্তপ্রাণ ৰাইজে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। পবিত্র অষ্টমীৰ দিনা মাৰ আশীৰ্বাদ ল’বলৈ আহিছে দূৰ দূৰণিৰ ভক্ত। সকলোৱে ধূপ চাকি নৈবদ্য আগবঢ়াই মাৰ পৰা বিচাৰিছে আশীৰ্বাদ।