গোলাঘাট জিলাৰ পাঁচখন চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি পুৱা বোকাখাটৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ  ইউনিটৰ শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
গোলাঘাট জিলাৰ পাঁচখন চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ

ডিজিটেল সংবাদ গোলাঘাটঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট জিলা ভ্ৰমন কৰে। মন্ত্ৰীগৰাকীয়ে পুৱা বোকাখাটৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰমৰ অধীনত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ  ইউনিটৰ শুভাৰম্ভ কৰে।

Advertisment

গোলাঘাট জিলাৰ পাঁচখন চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ

ইয়াৰ পিছতেই মন্ত্ৰী অশোক সিংহলে খুমটাই আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে।মন্ত্ৰীগৰাকীয়ে আজি বিয়লি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে।

WhatsApp Image 2025-08-04 at 9.09.27 PM

মন্ত্ৰী অশোক সিংহলে সন্ধিয়া সৰুপথাৰ সম জিলা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ আদিকে ধৰি প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।এই পৰিদৰ্শনৰ সময়ত নিজ নিজ সমষ্টিৰ বিধায়ক সকলেও তেওঁক সংগ দিয়ে।

গোলাঘাট অশোক সিংহল