নগাঁৱত 2.0 MLD ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ উদ্বোধন অশোক সিংহলৰ

নগাঁৱত 2.0 MLD ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ উদ্বোধন অশোক সিংহলৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও: দেওবাৰে নগাঁৱত উপস্থিত হৈ চহৰত 2.0 MLD ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অশোক সিংহলে। ইয়াৰ পিছতে মন্ত্রীয়ে নগাঁও আৱৰ্ত ভৱনৰ ওচৰত থকা SHG হাটত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে।

সভাত মন্ত্ৰী জনাই ভাষণত কয় যে, এখন চহৰৰ তৰল আৱৰ্জনাসমূহৰ সঠিক সংগ্রহ আৰু নিৰাপদ নিষ্কাশণ এখন নগৰীয়া, উদ্যোগিক সমাজৰ বাবে এক এৰাব নোৱাৰা প্ৰয়োজনীয়তা।আমাৰ ৰাজ্যখনত 809 MLD তৰল আৱৰ্জনা উৎপাদন হয় যদিও তাৰ নিষ্কাশণৰ বাবে ৰাজ্যখনত এটাও Operational STP নাছিল। আজি নগাঁও জিলাত এই প্ৰথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ জৰিয়তে STP ৰ দিশত শুভাৰম্ভ কৰা হৈছে।

তেওঁ কয় যে, এই প্ৰকল্প স্থাপনৰ ফলত কলং নদীখনত চহৰখনৰ তৰল আৱৰ্জনা পেলোৱাটো কম হব।এই প্ৰকল্পই নগাঁও পৌৰসভাৰ ৩টা বাৰ্ড ক্ৰমে ১৪নং, ১৫নং আৰু ১৬নং ৰ প্ৰায় ১১,০০০ সংখ্যক জনসংখ্যাক সামৰি লব। লগতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, এই STP প্ৰকল্পৰ কাষৰ কলং নদীৰ পাৰটো লেণ্ডস্কেপিং আৰু সৌন্দয্যবৰ্ধনৰ ব্যৱস্থা কৰা হব। পৌৰসভা এলেকাৰ বাসিন্দা সকলে এই নিৰ্মান হবলগীয়া সেউজ এলেকা খোজ কঢ়া, চাইকেল চলোৱা আৰু বিভিন্ন বিনোদনমূলক কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

মন্ত্রীজনে ভাষণত লগতে কয় যে, প্ৰকল্প বনোৱাটো ডাঙৰ কথা নহয়,প্ৰকল্প ভালদৰে চলোৱটোহে ডাঙৰ কথা। নদী,নৰ্দমা,গছ -গছনি পানী, আদি আমাক প্ৰকৃতিয়ে বিনামূলীয়াকে দিয়ে, গতিকে প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি ৰাইজক কাম কৰি যাবলৈ লগতে নগাঁও জিলাখনক জাকত জিলিকা নগৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় । নগাঁও জিলাখন আগতকৈ যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে বুলি তেখেতে মন্তব্য কৰে।

সভাত আদৰণি ভাষণ প্ৰদান কৰে আয়ুক্ত সচিব, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কবিতা পদ্মনাভনে।অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ পৰিচালন সঞ্চালক ড° প্ৰণতি গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।এই উদ্বোধনী সভাখনত বিধায়ক ৰূপক শৰ্মা, কুশল দুৱৰী,নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকে।

নগাঁৱত 2.0 MLD ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ উদ্বোধন অশোক সিংহলৰ
এইয়া অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণঃ অশোক সিংহল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in