/asomiyapratidin/media/media_files/2025/03/23/tyB4woruWTynAktbo2Di.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বিৰোধী দলে অসম বিধানসভাৰ মজিয়াত জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে জলসিঞ্চন বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী কৰা সন্দৰ্ভত আজি চিৰাঙত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে । কোনো ধৰনৰ তথ্যপাতি কাগজ অবিহনেই সদনৰ মজিয়াত বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।
তেওঁলোকে বিৰোধী দল হিচাপে বিৰোধীৰ ভূমিকা পালন কৰিছে আৰু আমাৰ ভূমিকা আমি পালন কৰি যাম । মোৰ ব্যক্তিগত জীৱনত ভ্ৰষ্টাচাৰৰ কোনো স্থান নাই আৰু মই অভাৱী মানুহ নহয় ! বিধায়ক নিৰ্বাচিত হোৱাৰ আগতেই মই ভাল প্ৰতিষ্ঠিত ব্যবসায়ী আছিলো আৰু মই নাভাবো যে এই ভ্ৰষ্টাচাৰ কৰি টকা উপাৰ্জন কৰাৰ মোৰ প্ৰয়োজন আছে ! পইচাৰ প্ৰয়োজন থাকিলে মই ব্যবসায় কৰিলোহেঁতেন।
গতিকে ব্যৱসায় বাদ যদি মই ৰাজনীতিত আহিছো তেনেহলে ভাল কাম কৰাৰ কাৰণেই । ভাল কাম কৰিব গলেই বাধা আহিবই বহু বিৰোধৰ সন্মুখীন হবই লাগিব সেইবুলি মোৰ কোনো ব্যক্তিগত আক্ষেপ নাই ! যি সকলে মোক সামাজিক ভাবে চিনি পায় তেওঁলোকে মোৰ চৰিত্ৰ সন্দৰ্ভত ভালদৰে জানে, ৰাইজে মোক ৰাইজৰ কাম কৰাৰ দায়িত্ব অৰ্পণ কৰিছে আৰু মই সততাৰে কাম কৰি যাম বুলি সংবাদ মাধ্যমৰ আগত এনেদৰেই তেখেতৰ বিৰুদ্ধে উঠা দুৰ্নীতি ভ্ৰষ্টাচাৰ সন্দৰ্ভত নিজৰ ছাফাই গালে মন্ত্ৰী অশোক সিংহলে ।
ইপিনে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ টকা বিচাৰি ফোন ৰেকৰ্ডিং সন্দৰ্ভত অশোক সিংহলে কয় যে এইবিলাক ৰাজনৈতিক পথাৰত চলি থাকে, কোনে কি কৰিছে কৰা নাই এইবিলাকত মই ইমান গুৰুত্ব আৰোপ নকৰো । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মোক স্বাস্থ্য বিভাগৰ দায়িত্বত অৰ্পণ কৰিছে মোৰ এতিয়া লক্ষ্য হৈছে স্বাস্থ্য বিভাগ কিদৰে আগুৱাই লৈ যাব পাৰো , প্ৰত্যেকজন নাগৰিকক কিদৰে উন্নত স্বাস্থ্যসেৱা দি তেখেতৰ কাষত থিয় দিব পাৰো, কেনেকৈ চিকিৎসালয় সমূহত উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়াব পাৰো, কত কত বেছি সুবিধা প্ৰদান কৰিব পাৰো তাৰ ওপৰত গুৰুত্বাৰোপ কৰি মই কামত মনোনিবেশ কৰিছো বুলি সদৰি কৰে । আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা সদৌ আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে মন্তব্য কৰে ।