অশোক কুমাৰৰ কন্যা অভিনেত্ৰী ভাৰতী জাফৰীৰ বিয়োগ

চেম্বুৰৰ শ্মশানত সম্পন্ন শেষকৃত্য সম্পন্ন

author-image
Asomiya Pratidin
New Update
অশোক কুমাৰৰ কন্যা অভিনেত্ৰী ভাৰতী জাফৰীৰ বিয়োগ

bharti jaffery

ডিজিটেল ডেস্কঃ বলীউড অভিনেতা অশোক কুমাৰৰ জীয়ৰী ভাৰতী জাফৰীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। বলীউডৰ বহু অভিনেতাই ভাৰতীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Advertisment

ভাৰতী জাফৰীয়ে বলীউডৰ বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।'হাজাৰ চৌৰাচী কি মা', 'চান্স', 'দমন: এ ভিক্টিম অৱ মেৰিটেম ভায়োলেন্স' আদি তেওঁৰ জনপ্ৰিয় কেইখনমান ছবি।

ভাৰতী জাফৰীৰ অন্তিম সংস্কাৰ চেম্বুৰৰ শ্মশানত সম্পন্ন কৰা হয়। ভাৰতী জাফৰীয়ে প্ৰথমে বীৰেন্দ্ৰ পেটেলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যাৰ সৈতে তেওঁৰ কন্যা অনুৰাধা পেটেল আছে। ইয়াৰ পিছত, তেওঁ অভিনেতা ছাইদ জাফৰীৰ ভাতৃ হামিদ জাফৰীৰ সৈতে বিয়াত বহিছিল।

bharti jaffery bollywood