ঈদৰ ছাগলীৰ দৰে বিজেপিয়ে বিধায়ক ক্ৰয় কৰে: অশোক গেহলট

ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে বিজেপিৰ বিৰুদ্ধে কটাক্ষ মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
ঈদৰ ছাগলীৰ দৰে বিজেপিয়ে বিধায়ক ক্ৰয় কৰে: অশোক গেহলট

ডিজিটেল ডেস্ক: ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে বিজেপিৰ বিৰুদ্ধে কটাক্ষ মন্তব্য কৰে। দেওবাৰে তেওঁ কয় যে ঈদৰ বাবে যিদৰে ছাগলী ক্ৰয় কৰা হয় ঠিক তেনেদৰে বিজেপিয়ে ৰাজ্যসমূহৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰিবলৈ বিধায়ক ক্ৰয় কৰি আছে।

Advertisment

তেওঁ কয় যে বিজেপিয়ে অৰুণাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় আদিত ধনৰ জৰিয়তে ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে। লগতে ৰাজস্থানতো বিজেপিয়ে চেষ্টা চলাইছিল যদিও বিফল হৈছিল বুলি কয় গেহলটে। গুজৰাটৰ সবৰকান্ত জিলাৰ খেডব্ৰহ্ম চহৰত এক সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে নেতা গৰাকীয়ে।

গেহলটে কয় যে , "বিজেপিৰ এই কাৰ্যই গণতন্ত্ৰক দুৰ্বল কৰি তুলিছে। বিধায়ক ক্ৰয় কৰি ৰাজ্য চৰকাৰ উফৰাই নিজে চৰকাৰ গঠন কৰে। শেহতীয়াকৈ কংগ্ৰেছৰ বিধায়ক অশ্বিন কোটৱালে শাসকীয় বিজেপিত যোগদান কৰা সন্দৰ্ভতো তেওঁ ক্ষোভ প্ৰকাশ কৰে।

তেওঁ কয় যে কংগ্ৰেছে ৮ নৱেম্বৰত গুজৰাটৰ বাবে নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰিব । মূলতঃ সামাজিক সুৰক্ষা, যেনে বিনামূলীয়া স্বাস্থ্যসেৱা, শিক্ষা আৰু নিয়োগৰ ওপৰত গুৰুত্ব দিব বুলি কয়।

rajasthan bjp congress