/asomiyapratidin/media/media_files/2025/06/19/ashish-19-2025-06-19-17-49-38.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম চাৰিআলিৰ আমলখি দলনী গাঁৱৰ এগৰাকী মেধাৱী ছাত্র। উচ্চ মাধ্যমিকত ৭৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৭৪ শতাংশ ফলাফলৰ কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্রগৰাকীৰ নাম আশীষ শৰ্মা।
২০ বছৰীয়া আশীষ বৰ্তমান বিশ্বনাথ মহাবিদ্যালয়ৰ স্নাতক শাখাৰ চতুৰ্থ ষান্মাষিকৰ ৰসায়ন বিভাগৰ ছাত্র। কিন্তু দুৰ্ভাগ্যবশতঃ ৰাজু শৰ্মা আৰু বন্তি দেৱীৰ পুত্ৰ আশীষ শৰ্মাৰ দুয়োটা কিডনী বিকল হোৱা বুলি ২০২৪ চনৰ এপ্ৰিল মাহত ধৰা পৰে।
ইয়াৰ পিছতেই যেন আকাশী সৰগ ভাগি পৰে দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত।কাৰণ আশীষ শৰ্মাৰ পিতৃ ৰাজু শৰ্মাই বিভিন্নজনৰ গাড়ী চলাই কোনোমতে পৰিয়াল পোহপাল দি আহিছে।
মাতৃ বন্তি দেৱী এগৰাকী সাধাৰণ গৃহিনী।আশীষ শৰ্মা বৃক্ক ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত ২০২৪ চনৰ জুন মাহৰ পৰা তেওঁৰ চিকিৎসা আৰম্ভ হয়।
ৰাইজৰ দান-বৰঙণি আৰু আত্মীয়-স্বজনৰ আৰ্থিক সহায় আৰু পিতৃ মাতৃয়ে ধাৰলৈ লোৱা টকাৰে আশীষৰ ব্যয়বহুল চিকিৎসা কৰি এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো। ইপিনে এটা কিডনী দি পুত্ৰ আশীষৰ জীৱন বচাবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে মাতৃ বন্তি দেৱীয়ে।
সেই অনুসৰি-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃক্ক সংৰোপন কৰাৰ উদ্দেশ্যে যোৱা প্ৰায় দুমাহ ধৰি চিকিৎসালয়খনত ডায়েলাইছিছ পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰি আছে আশীষ শৰ্মাই। লগত আছে তেওঁৰ পিতৃ মাতৃ দুয়ো।
আশীষৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি অতি সোনকালে বৃক্ক সংৰোপনৰ দিহা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক ৰোগ বিভাগৰ চিকিৎসকে।চৰকাৰী চিকিৎসালয়ত আশীষৰ বৃক্ক সংৰোপনৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিলেও কিন্তু চিকিৎসাৰ লগত জড়িত অন্যান্য যাবতীয় খা-খৰছৰ হিচাপে এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে পৰিয়ালটোৰ মাজত।
সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোৱে কম বয়সীয়া আশীষৰ চিকিৎসা জনিত খৰছৰ বাবে অসমবাসীৰ ওচৰত আৰ্থিক সহায়-সহানুভূতি বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে সহায় ভিক্ষা বিচাৰিছে। প্ৰচুৰ সম্ভাৱনা পূৰ্ণ মেধাৱী ছাত্র আশীষ শৰ্মাৰ প্ৰতি কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ইউক' বেংকৰ হেলেম শাখাত থকা আশীষ শৰ্মাৰ ১০৭৯০১১০০৬২০৭৪(আই এফ এছ চি-UCBA0001079) এই একাউণ্ট নম্বৰৰ জৰিয়তে আৰ্থিক সহায় আগবঢ়াব পাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/19/axzx-2025-06-19-17-53-09.jpeg)
তদুপৰি কোনো সদাশয় লোকে পৰিয়ালটোৰ লগত যোগাযোগ কৰিব বিচাৰিলে আশীষৰ ককাক ৰবীন্দ্ৰ শৰ্মাৰ ৯৩৬৫৮-২২৯২৩ এই মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us