জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহত ২১ টি নৱজাতকৰ মৃত্যুঃ স্বাস্থ্য সঞ্চালকক আগচি প্ৰতিবাদ ক্ষুদ্ধ আশাকৰ্মীৰ

জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহত ২১ টি নৱজাতকৰ মৃত্যুঃ স্বাস্থ্য সঞ্চালকক আগচি প্ৰতিবাদ ক্ষুদ্ধ আশাকৰ্মীৰ
জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহত ২১ টি নৱজাতকৰ মৃত্যুঃ স্বাস্থ্য সঞ্চালকক আগচি প্ৰতিবাদ ক্ষুদ্ধ আশাকৰ্মীৰ

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহৰ ভিতৰত ২১ টি কৈ নৱজাতকৰ মৃত্যুৰ বাৱে কোনো চিকিৎসক বা নাৰ্ছ দায়ী নহয় আৰু প্ৰসূতিসকলৰ অভিভাৱক পৰা ধনদাবী ঘটনাত কোনো নাৰ্ছ বা স্বাস্থ্যকৰ্মী জড়িত নহয় বুলি এক প্ৰকাৰ সকলোকে ধোৱা তুলসীৰ পাত সজাই সমগ্ৰ ঘটনাৰ বাবে আশাকৰ্মীসকলেই দোষী বুলি কাজলগাঁৱত মন্তব্য কৰে বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুই ।

এই মন্তব্য কৰাৰ পিছতেই চিকিৎসালয় চৌহদত উপস্থিত আশাকৰ্মীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । একাংশ ক্ষুদ্ধ আশাকৰ্মীয়ে স্বাস্থ্য সঞ্চালকগৰাকীক চিকিৎসালয় চৌহদত আগচি ধৰি এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰে।

দৰাচলতে চিৰাং জিলাৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত বিগত তিনিমাহৰ ভিতৰত ২১টি কৈ নৱজাতকৰ মৃত্যু আৰু স্বাস্থ্যকৰ্মীৰ দ্বাৰা ধনদাবী ঘটনাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ তথা প্ৰকাশিত হোৱাৰ পিছত আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ জে এছ বি অসামৰিক চিকিৎসালয়ত আহি উপস্থিত হয় বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাঙছু ।

কি কাৰণত, কি পৰিস্থিতিত, বিগত তিনিমাহত ২১ টি কৈ নৱজাতকৰ কৰুণ মৃত্যু হ'বলৈ পালে তাকে লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকীয়ে প্ৰায় তিনি ঘন্টা ৰূদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰে । বৈঠকত জে এছ বি অসামৰিক চিকিৎসালয়ৰ প্ৰতি গৰাকী চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীক সোধপোছ কৰে ।

ইপিনে বৈঠক চলি থকাৰ সময়তে চিকিৎসালয় চৌহদত আশাকৰ্মীসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । আশাকৰ্মীসকলে সংবাদ মাধ্যমৰ আগত কয় যে বৃহস্পতিবাৰৰ দিনটোত কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে দাসে ২১ টি নৱজাতকৰ ভিতৰত অধিকাংশ নৱজাতকৰ মৃত্যুৰ কাৰণ গৰ্ভৱতী মহিলাক মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত অনাৰ বাবে মাতৃৰ গৰ্ভতে শিশুৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইছিল ।

লক্ষ্যণীয় বিষয় যে, গ্ৰামাঞ্চলৰ পৰা গৰ্ভবৰ্তী মহিলাক চিকিৎসালয়ত অনাৰ দায়িত্ব থাকে মূলতঃ আশা কৰ্মীৰ। তেওঁলোকে গৰ্ভৱতী মহিলাক পলমকৈ আনে বুলি জে এছ বি চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে দাসে মন্তব্য কৰে। ফলত নৱজাতকসকলৰ মৃত্যুৰ কাৰণ প্ৰকান্তৰে আশা কৰ্মীসকলেই বুলি বুজাবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে।

সমগ্ৰ ঘটনাৰ পৰা নিজকে দোষমুক্ত কৰাৰ বাবে এতিয়া চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছসকলে সমগ্ৰ দোষ আশাকৰ্মীসকলৰ মূৰত জাপি দিয়াৰ এক ষড়যন্ত্ৰ কৰা হৈ আছে বুলি আশংকা ব্যক্ত কৰে । আশাকৰ্মীসকলে গৰ্ভৱতী মহিলাসকলক গৰ্ভপীড়া আৰম্ভ হোৱাৰ সময়তে নিয়ম অনুসৰি জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ যোগে প্ৰথমতে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

তাত থকা চিকিৎসকসকলে গৰ্ভৱতী মহিলাক চোৱাচিতা কৰে। তাৰ পিছত কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত লৈ যোৱাৰ নিৰ্দেশ দিয়ে । সেই মতে গৰ্ভৱতী মহিলাক জে এছ বি চিকিৎসালয়ত অনা হয় যদিও নিশাৰ ভাগত চিকিৎসালয়খনত উপস্থিত নেথাকে প্ৰসূতি বিভাগৰ শল্য চিকিৎসক ।

নিশাটো এনেই চিকিৎসালয়ত থাকিব লগা হয় প্ৰসূতি। তেনেক্ষেত্ৰত জন্মৰ সময়ত যদি কোনো শিশুৰ অস্বাভাৱিক মৃত্যু হয় তাৰ বাবে দোষী কোন বুলি ওলোটাই প্ৰশ্ন কৰে । ইপিনে আশাকৰ্মীসকলৰ আশংকা মাজতে বৈঠক সমাপ্ত কৰি বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুয়ে জে এছ বি অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যু আৰু প্ৰসূতি মহিলাৰ অভিভাৱকসকলৰ পৰা ধনদাবী কৰাৰ সকলো দোষ এপ্ৰকাৰ আশাকৰ্মী মূৰত জাপি দি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পিছতেই তাত উপস্থিত থকা আশাকৰ্মী সকল জাঙুৰ খাই উঠে ।

আশা কৰ্মীসকলে তেওঁৰ মন্তব্য কোনোপধ্যেই মানি লৱ নোৱাৰি বুলি ক্ষোভ প্ৰকাশ কৰে । উত্তেজিত আশাকৰ্মীসকলে বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডা: উমেশ ফাংছুক আগচি ধৰিবলৈ চেষ্টা কৰোতে জেএছবি অসামৰিক চিকিৎসালয় অধীক্ষক ডাঃ পি কে দাসে বাধা প্ৰদান কৰাত আশাকৰ্মীসকলে ডাঃ দাসক তাৰ পৰা দাঙি তুলি আঁতৰাই দি সঞ্চালক গৰাকীক বিভিন্ন ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে ।

তিনিমাহত ২১ টাকৈ নৱজাতকৰ মৃত্যুৰ কাৰণ আৰু ধনদাবীৰ ঘটনাৰ বাবে কিহৰ ভিত্তিত আশাকৰ্মীসকলক দোষী সাব্যস্ত কৰা হ'ল? সমগ্ৰ ঘটনাৰ বাবে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী সকলক ধোৱা তুলসীৰ পাত সজাই তাৰ বিপৰীতে আশাকৰ্মী সকলক কিয় একপক্ষীয় শুনানিৰে দোষী সাব্যস্ত কৰা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

যেতিয়ালৈকে এই ঘটনাৰ আৰঁত প্ৰকৃত দোষী কোন তদন্ত কৰি নুলিয়াই তেতিয়ালৈকে কোনো আশাকৰ্মীয়ে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত প্ৰসূতি মহিলাক লৈ নাহে বুলি ঘোষণা কৰে । প্ৰায় দহ মিনিট সময় আশাকৰ্মীসকলে স্বাস্থ্য সঞ্চালক গৰাকীক আটক কৰি ৰাখে ।

ক্ষুদ্ধ আশাকৰ্মীসকলৰ উপুৰ্যুপৰি প্ৰশ্ন বানত থকাসৰকা হৈ সঞ্চালক গৰাকীয়ে সমগ্ৰ বিষয়টোত পুনৰ তদন্তৰ আশ্বাস দিয়াত তেখেতক যাবলৈ দিয়ে । ইপিনে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয় বিভিন্ন দল সংগঠনৰ লোক আহি ভিৰ কৰে ।

চিৰাং জিলা এবিএমছুৰ নেতা আনোৱাৰ হুছেইনে কয় যে, কেৱল নৱজাতকৰ মৃত্যু নহয় এইখন চিকিৎসালয়ত উদ্বেগজনক হাৰত প্ৰসূতি মহিলাৰো মৃত্যু হৈ আছে বুলি তথ্য সহকাৰে অভিযোগ উত্থাপন কৰে। তেওঁ এক নিৰপেক্ষ তদন্তৰ দাবী তোলে।

সদৌ অসম বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতা মানিক দত্তই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে আৰু এই জেএছবি অসামৰিক চিকিৎসালয়ত চলি থকা বিসংগতি দূৰ কৰি এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ লোকসকলৰ সহায়ক হ'ব পৰাকৈ উন্নত স্বাস্থ্যসেৱাৰ চিকিৎসালয় গঢ় দিবলৈ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ হস্তক্ষেপ দাবী কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in