/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-copy-13.jpg)
ডিজিটেল ডেস্ক : আছিয়ানৰ অন্তৰ্গত মিত্ৰজোঁটৰ বৈদেশিক মন্ত্ৰীসকলে এক সংবাদমেলত ঘোষণা কৰে যে ম্যানমাৰে ১৫ মাহ পূৰ্বে ঘোষণা কৰা শান্তি পৰিকল্পনা ৰূপায়ণত কোনো অগ্ৰগতি দেখুৱাব নোৱাৰালৈকে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মিত্ৰজোঁট আছিয়ানৰ যিকোনো বৈঠকত ম্যানমাৰৰ সামৰিক শাসকসকলক অংশ লবলৈ দিয়া নহ'ব।
'ম্যানমাৰৰ জেনেৰেলসকলে বৰ্তমানৰ সংকটৰ পৰিস্থিতিৰ উন্নতি দেখুৱাব লাগিব। তাৰপিছতহে আমি ম্যানমাৰৰ সৈতে কাম কৰাৰ সিদ্ধান্ত লম বুলি কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰী প্ৰি-চোখোনে জানিবলৈ দিয়ে। ৰাজ্য প্ৰশাসন পৰিষদক নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক সন্মিলনৰ পূৰ্বে পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়।
আৰু পঢ়ক আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটৰ ফাইনেল, ট্ৰেকত দৌৰিব হিমা…