আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটৰ ফাইনেল, ট্ৰেকত দৌৰিব হিমা…

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটৰ ফাইনেল,  ট্ৰেকত দৌৰিব হিমা…

ডিজিটেল ডেস্ক : কমনৱেলথ গেমছৰ আজি একাদশ দিন। ভাৰতে বৰ্তমানলৈ মুঠ ৪০টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৩ টা সোণ, ১১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পৰদেকে ৫ম স্থানত ভাৰতে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

কমনৱেলথ গেমছৰ একাদশ দিনত ফাইনেলত অংশ ল'ব ৪X১০০ মিটাৰ দৌৰৰ দলটোৱে। ৪X১০০ মিটাৰ দলটোত আছে অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস। আজিও অৰ্থাৎ ৭ আগষ্টতো ভাৰতে আজুৰি আনিব সোণ, ৰূপ অথবা ব্ৰঞ্জ। ৪X১০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বিয়লি ৪.২৪ বজাত। ভাৰতীয় দলটোৱে সোণৰ পদক পোৱাৰ আশা কৰিছে সকলোৱে।

আনহাতে বেডমিন্টনৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব পি ভি সিন্ধু। লগতে ভাৰতীয় ক্ৰিকেট দলে ফাইনেল খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ ফাইনেল খেলখন ৭ আগষ্ট, দেওবাৰে নিশা ৯.৩০ বজাত আৰম্ভ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in