এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব- ওৱেচী

এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব- ওৱেচী

author-image
asomiyapratidin
New Update
১১ ফেব্ৰুৱাৰীত অন্ত পৰিব লোকসভাৰ অধিৱেশন, তেন্তে ৮ তাৰিখৰ পূৰ্বেই কিয় মন্দিৰ ট্ৰাষ্ট গঠনৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়েঃ প্ৰশ্ন ওৱেছীৰ

ডিজিটেল ডেস্ক: "এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব"- এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেচীৰ।বৰ্তমান দেশত অব্যাহত আছে হিজাব বিতৰ্ক। তাৰ মাজতেই শনিবাৰে এটা ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰে সাংসদ আছাদুদ্দিন ওৱেচীয়ে,য'ত তেওঁ কয় যে এদিন হিজাব পিন্ধা মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হ'ব।

Advertisment

ওৱেচীয়ে কয় যে "আমাৰ ছোৱালী সকলে নিজৰ পিতৃ মাতৃক ক'ব যে আমি হিজাব পিন্ধিব বিচাৰো। তেতিয়া পিতৃ-মাতৃয়ে সম্পূৰ্ণ অধিকাৰ দি ক'ব যে চাই ল'ম মইও হিজাব পিন্ধাত কোনে বাধা দিয়ে।হিজাব পিন্ধিয়েই ছোৱালী সকল ডাক্তৰ, কালেক্টৰ হ'ব আৰু হিজাব পিন্ধিয়েই এদিন প্ৰধানমন্ত্ৰী হ'ব"।

উল্লেখ্য যে, হিজাব বিতৰ্কই জোকাৰিছে সমগ্ৰ দেশ। একাংশই ইয়াৰ সমৰ্থন কৰিলেও একাংশই ইয়াৰ বিৰোধিতা কৰিছে। অৱশ্যে এতিয়াও এই হিজাব বিতৰ্কৰ ওপৰত কোনো স্থায়ী সমাধান ওলোৱা নাই।

hijab asaduddin owaisi