/asomiyapratidin/media/media_files/2025/05/09/poo9AVUBCTOhWWO5e6Fm.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ দৰে ভাৰতৰ মূল অংশীদাৰ দেশসমূহে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ সংহতি প্ৰকাশ কৰি সংযম আৰু তীব্ৰতৰ গতি হ্ৰাস কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ যিকোনো সামৰিক আক্ৰমণক “অতি দৃঢ় সঁহাৰি” দিয়া হ’ব।
ইফালে ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিৰ সৈতে হোৱা বৈঠকত জয়শংকৰে টেলিভিছনযোগে দিয়া বক্তব্যত কয় যে, ভাৰতে পাকিস্তানৰ সৈতে পৰিস্থিতি অধিক ভয়াৱহ কৰাৰ কোনো উদ্দেশ্য নাই। কিন্তু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইহে “সীমান্ত সন্ত্ৰাসবাদী আন্তঃগাঁথনি”ত আঘাত হানিবলগীয়া হৈছে।
জয়শংকৰে আৰু কয় যে, এই পৰিস্থিতি অধিক ভয়াৱহ কৰাটো আমাৰ উদ্দেশ্য নহয়। কিন্তু যদি আমাক সামৰিকভাৱে আক্ৰমণ কৰা হয়, তেন্তে ইয়াৰ অতি দৃঢ় সঁহাৰি যে দিয়া হ’ব তাত কোনো সন্দেহ থাকিব নালাগে।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে ফোনযোগে কথা পাতি উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনায়।
ফোন কলৰ পিছত ছ’চিয়েল মিডিয়াত দিয়া পোষ্টত জয়শংকৰে কয় যে, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে কাম কৰাৰ বাবে আমেৰিকাৰ দায়বদ্ধতাক মই গভীৰভাৱে শলাগ লৈছো। উত্তেজনা বৃদ্ধিৰ যিকোনো প্ৰচেষ্টাক কঠোৰভাৱে প্ৰতিহত কৰা হ'ব।"