/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bikhekh-pratibedon-new-1.jpg)
সঁচাকৈ বিক্ৰী হ'ল নেকি এন ডি টি ভি? নতুন দিল্লীৰ টেলিভিশ্যন চমুকৈ এন ডি টি ভি এইবাৰ আদানি গ্ৰোপৰ কব্জালৈ গ'ল নেকি? চৰ্চা চলিছে বিশ্বজুৰি। পুঁজিপতি গোষ্ঠীৰ হাতৰ পুতলা হোৱাৰ দিশে নেকি সংবাদ মাধ্যম?এই বিষয়ে সবিস্তাৰে জয়দীপ নাৰায়ণ দেৱৰ এই বিশেষ প্ৰতিবেদন।
নিউয়'ৰ্ক বিশ্ববিদ্যালয়ৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ প্ৰখ্যাত অধ্যাপক নিকোলাছ মিৰ্জো এফ। ডিজিটেল মাধ্যমে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেই সন্দৰ্ভত তেওঁ এক অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।
বিশেষজ্ঞগৰাকীৰ মতে- কোনো এখন চৰকাৰে দেশ অথবা ৰাজ্য এখনক নিজৰ দখললৈ আনিবলৈ পোন প্ৰথমেই দেশ বা ৰাজ্যখনৰ সকলো ধৰণৰ সংবাদ মাধ্যম আৰু বিনোদনৰ উৎস যেনে চলচিত্ৰ আদিক প্ৰথমে নিজৰ দখললৈ আনে, আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ জণগণৰ অৱচেতন মনত পৰে এই তত্বৰ প্ৰয়োগ দেখা গ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধত ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কীয়ে যুদ্ধৰ প্ৰতি মুহূৰ্তৰ তথ্য সংগ্ৰহ কৰি সমগ্ৰ বিশ্বক জনাই দিছিল ৰাছিয়াৰ যুদ্ধবাজৰ আঁৰৰ কথাবোৰ। ঠিক তেনেদৰেই সময়ে সময়ে চৰকাৰ তথা প্ৰভাৱশালী ৰাজনৈতিক নেতাই ব্যক্তিগত লাভৰ বাবে সময়ে সময়ে ব্যৱহাৰ কৰি গ'ল গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সংবাদ মাধ্যমক অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ সংবাদকৰ্মীক।
ইয়াৰ উপৰিও প্ৰতিষ্ঠা কৰা হ'ল ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত শাসক পক্ষ, বিৰোধী পক্ষৰ নিজা সংবাদ মাধ্যম। এনে সংবাদ মাধ্যমে ৰাজনৈতিক মুনাফালুভী একাংশ লোকে বিচৰা ধৰণেই প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে নিজস্ব এজেণ্ডা। বিপথে লৈ যোৱা হ'ল দেশৰ জনতাক ।
১৩৮ কোটি জনসংখ্যাৰ ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ৭৪% সাক্ষৰতা হাৰৰ ভাৰতবৰ্ষত কেৱল ৮.১৫% ব্যক্তিয়েহে সমাপ্ত কৰিছে বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষা । তেনেস্থলত এই বিশাল পৰিসৰৰ জনতাক ৰাষ্ট্ৰৰ কাৰ্যকলাপ সন্দৰ্ভে অৱগত কৰোৱাৰ এই গুৰু দায়িত্ব আছে সংবাদ মাধ্যমৰ হাতত।
উল্লেখ্য যে, যোৱা দুটা দিন ধৰি সমগ্ৰ দেশত তোলপাৰ লগোৱা এটা বাতৰি হ'ল দেশৰ পুঁজিপতিৰ ধ্বজাবাহক আদানী এন্টাৰপ্ৰাইজ লিমিটেডৰ অগ্ৰণী সংবাদ মাধ্যম এন ডি টিভিৰ ২৯.১৮% অংশদাৰীত্ব ক্ৰয়। দেশৰ শাসক পক্ষৰ অতি আদৰৰ গৌতম আদানীৰ এই অংশীদাৰিত্ব ক্ৰয়ে কেন্দ্ৰীয় চৰকাৰৰ মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা এন ডি টিভিৰ অকাল মৃত্যুৰ সূচনা কৰা বুলিও মন্তব্য প্ৰদান কৰে একাংশ বুদ্ধিজীৱিসকলে।
২০০৮ চনৰ জুলাই মাহত এন ডি টি ভিৰ স্বত্বাধিকাৰী প্ৰণয় তথা ৰাধিকা ৰয়ে ইণ্ডিয়া বুলৰ পৰা লোৱা ৫০০ কোটি টকাৰ এটি ঋণেই কাল চপাই আনে এন ডি টিভিৰ । এই ঋণ পৰিসোধ কৰিবলৈ প্ৰণয় আৰু ৰাধিকা পুনৰ কাষ চাপে আন এটি ব্যক্তিগত খণ্ডৰ বিত্তিয় প্ৰতিষ্ঠানৰ।
এইবাৰে দুয়োৱে আই চি আই চি আই বেংকৰ পৰা ২০০৮ ৰ ২৩ অক্টোবৰত ইণ্ডিয়া বুলৰ ঋণ পৰিশোধ কৰিবলৈ লয় ৩৭৫ কোটি টকাৰ আন এক ঋণ। এই ঋণৰ বিনিময়ত এন ডি টিভিৰ সম্পূৰ্ণ অংশীদাৰিত্ব আই চি আই চি আই বেংক কৰ্তৃপক্ষক দিবলৈ সাজু হয় স্বত্বাধিকাৰী প্ৰণয় আৰু ৰাধিকা ৰয়।
কিন্তু নিজৰ ব্যৱসায়ৰ ৩০% তকৈ অধিক অংশীদাৰিত্ব আগবঢ়োৱাৰ বাবে ১ কোটি টকাৰ জৰিমণা বিহা হয় এন ডি টিভিৰ দুয়ো স্বত্বাধিকাৰীক। ইয়াতেই শেষ নহয় তেওঁলোকৰ এই বিপদৰ। এইবাৰ আই চি আই চি আই বেংকৰ ঋণ পৰিশোধ কৰিবলৈ এন ডি টি ভি কাষ চাপে ভি চি পি এল (বিশ্বপ্ৰধান কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেড) ৰ ।
ভি চি পি এলৰ অংশীদাৰী দুই গোট শ্যাম ইকুইটি (এচ ই পি এল) আৰু শুভগামী ট্ৰেডিং। এই শ্যাম ইকুইটি আৰু শুভগামী ট্ৰেডিঙৰ কাষ চাপে এন ডি টিভি। এন ডি টিভিৰ গৰাকী প্ৰণয় আৰু ৰাধিকা ৰয়ৰ আন এক প্ৰতিষ্ঠানৰ নাম আৰ আৰ পি আৰ। এই আৰ আৰ পি আৰৰ হাতত আছে এন ডি টি ভিৰ ২৯.১৮ শতাংশ শ্বেয়াৰ।
শ্যাম ইকুইটি আৰু শুভগামী ট্ৰেডিঙৰ পৰা ঋণ ল'বলৈ প্ৰণয় আৰু ৰাধিকা ৰয়ে তেওঁলোকৰ আন এক প্ৰতিষ্ঠান আৰ আৰ পি আৰৰ সম্পূৰ্ণ অংশিদাৰিত্ব অৰ্থাত শ্বেয়াৰ হস্তান্তৰ কৰে এই দুই প্ৰতিষ্ঠানক। ইয়াৰ বিনিময়ত প্ৰণয় আৰু ৰাধিকা ৰয়ে লাভ কৰে ৩৫৯ কোটিৰ ঋণ ।
এই ঋণ সন্দৰ্ভত ২০১০ চনতে ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই সকিয়াই দিছিল প্ৰণয় আৰু ৰাধিকা ৰয়ক । কিয়নো তেওঁলোকে লোৱা ঋণৰ সন্দৰ্ভত কোনোধৰণৰ সুতৰ কথা উল্লেখ নাছিল। অৰ্থাত ঋণৰ ধনৰ বিনিময়ত কিমান শতাংশ সুত পৰিশোধ কৰিব লাগিত সেই সম্পৰ্কে কোনো ধৰণৰ আলোচনাই হোৱা নাছিল।
ছেবিয়ে সকিয়াই দিছিল সুত অবিহনে লোৱা এই ঋণে বিপদ কঢ়িয়াই আনিব প্ৰণয় আৰু ৰাধিকা ৰয়ৰ প্ৰতিষ্ঠান আৰ আৰ পি আৰলৈ। সুত বিহীন ঋণৰ বিনিময়ত আৰ আৰ পি আৰৰ সম্পূৰ্ণ শ্বেয়াৰ অৰ্থাত অংশীদাৰিত্ব এক নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণদাতাই দাবী কৰিব পাৰে।
অৱশেষত সেয়াই হ'ল। আদানি এন্টাৰপ্ৰাইজ লিমিটেডৰ ব্যক্তিগত সংবাদ মাধ্যমৰ থল বুলি গণ্য কৰি অহা ভি ছি পি এলে ইতিমধ্যই আশংকা কৰি অহা ধৰণেই দাবী কৰিলে সুত অবিহনে আগবঢ়োৱা ঋণৰ বিনিময়ত আৰ আৰ পি আৰৰ সম্পূৰ্ণ অংশীদাৰিত্ব।
এই আৰ আৰ পি আৰৰ হাতত আছে এন ডি টিভিৰ ২৯.১৮ শতাংশ অশীদাৰীত্ব। যাৰ বাবে পৰোক্ষভাৱে গৌতম আদানিৰ মালিকানাধীন ভি ছি পি এলে এন ডি টি ভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব লাভ কৰিছে। অৰ্থাৎ পৰোক্ষভাৱে গৌতম আদানিৰ অধিকাৰলৈ আহিল এন ডি টিভিৰ ২৯.১৮ % অংশীদাৰিত্ব ।
অৱশ্যে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে এন ডি টি ভি আৰু আৰ আৰ পি আৰ স্বত্বাধিকাৰী প্ৰণয় আৰু ৰাধিকা ৰয়ে। ইয়াৰ উপৰিও চেনেলটোৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰবিশ কুমাৰেও এই সন্দৰ্ভত নিজা মন্তব্য প্ৰকাশ কৰিছে।
ৰবিশ কুমাৰে দিয়া ভাষ্য অনুসৰি অংশীদাৰিত্ব ক্ৰয় সম্বন্ধে আদানিৰ মালিকানাধীন ভি চি পি এলে কোনোধৰণৰ আলোচনা কৰা নাই এন ডি টি ভি কৰ্তৃপক্ষৰ সৈতে। তেনেস্থলত কিদৰে গৌতম আদানিয়ে ক্ৰয় কৰিব পাৰিলে এন ডি টি ভি?
উল্লেখ্য যে, ভাৰতবৰ্ষত ইতিমধ্যেই চীনৰ এক ৰাষ্ট্ৰ, এক দল নীতিৰ কুছকাৱাজ পৰিলক্ষিত হৈছে ।বিৰোধী দল থানবান কৰি পেলোৱা হৈছে বিভিন্ন অজুহাতত। কেতিয়াবা যদি গোচৰৰ ভিত্তিত, আন কেতিয়াবা আকৌ ক্ৰয় কৰা হৈছে বিৰোধী নেতাসমূহক ।
দেশৰ এনে অস্থিৰ ৰাজনৈতিক অৱস্থাৰ মাজতেই চৰকাৰী পক্ষৰ বিৰুদ্ধে থিয় দিয়া এটি সংবাদ মাধ্যমৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব এজন পুঁজিপতিৰ হাতলৈ যাব ওলোৱাটো নিশ্চয়কৈ এক অশুভ লক্ষণ। ইয়াৰ উপৰিও আন ২৬ শতাংশ অংশীদাৰিত্ব বা শ্বেয়াৰৰ ওপৰতো শেনদৃষ্টি আদানিৰ ।
ইফালে এই ধৰণৰ খবৰ ভিত্তিহীন আখ্যা দিছে এন ডি টিভিৰ কৰ্তৃপক্ষই। এতিয়া অপেক্ষা কৰিব লাগিব সময়লৈ। এন ডি টি ভিত কৰ্মৰত ৰবিশ কুমাৰৰ ভৱিষ্যত কি হ'ব তাক লৈও চলিছে গুণাগঠা ! নিজস্ব শৈলীৰে সেই উত্তৰ দিছে ৰবিশ কুমাৰে।
টুইটাৰত লিখিছে- মাননীয় জনতা, মই ইস্তাফা দিবলৈ ঠিক কৰিছো বুলি যি খবৰ ওলাইছে সেই খবৰ তেনেধৰণৰ উৰা বাতৰি যেনেকৈ প্ৰধানমন্ত্ৰীয়ে মোক সাক্ষাতকাৰ দিবলৈ প্ৰস্তুত হৈছে আৰু মোৰ অপেক্ষাত গেটৰ সন্মুখত আম লৈ ৰৈ আছে অক্ষয় কুমাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us