Advertisment

আতিশীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পিছতেই নিৰ্বাচন আয়োগক সমালোচনা কেজৰিৱালৰ...

ব্যক্তিগত ব্যৱহাৰৰ বাবে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ অভিযোগত আতিশীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল নিৰ্বাচনৰ ৰিটাৰ্ণিং অফিচাৰে । অভিযোগকাৰীয়ে অভিযোগ কৰে যে আপৰ নিৰ্বাচনী কাৰ্যালয়লৈ প্ৰচাৰ সামগ্ৰী প্ৰেৰণৰ বাবে পি ডব্লিউ ডিৰ চৰকাৰী বাহন ব্যৱহাৰ কৰা হৈছিল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে ভোটগ্ৰহণ নীতি উলংঘাৰ গোচৰ ৰুজু হোৱাৰ পিছতে সোমবাৰে নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে আপৰ নেতা অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে কয় যে তেওঁৰ আম আদমী পাৰ্টিয়ে "পচি যোৱা" ব্যৱস্থাৰ বিৰুদ্ধে যুঁজি আছে।

Advertisment

ভাৰতীয় জনতা পাৰ্টিৰ কথা উল্লেখ কৰি কেজৰিৱালে অভিযোগ কৰে যে নিৰ্বাচন আয়োগে তেওঁলোকৰ নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে যেতিয়া তেওঁলোকে মুকলিকৈ ধন, শাৰী, কম্বল, সোণৰ চেইন বিতৰণ কৰে।

কেজৰিৱালে উল্লেখ কৰে, "তেওঁলোকৰ নেতাসকলে মুকলিকৈ টকা, শাৰী, কম্বল, সোণৰ চেইন আদি বিতৰণ কৰে, ভুৱা ভোট দিয়ে, তথাপিও এফআইআৰ পঞ্জীয়ন নহয়। কিন্তু ততাতৈয়াকৈ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন হয়।"


তেওঁ লগতে কয়, "আম আদমী পাৰ্টিয়ে সমগ্ৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিছে। এই পচা ব্যৱস্থাটো ৰাইজৰ সৈতে একেলগে সলনি কৰি পৰিষ্কাৰ কৰিব লাগিব। বিজেপি আৰু কংগ্ৰেছ দুয়োটা একেটা পচি যোৱা ব্যৱস্থাৰ অংশ।"


ব্যক্তিগত ব্যৱহাৰৰ বাবে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ অভিযোগত আতিশীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল নিৰ্বাচনৰ ৰিটাৰ্ণিং অফিচাৰে । অভিযোগকাৰীয়ে অভিযোগ কৰে যে আপৰ নিৰ্বাচনী কাৰ্যালয়লৈ প্ৰচাৰ সামগ্ৰী প্ৰেৰণৰ বাবে পি ডব্লিউ ডিৰ চৰকাৰী বাহন ব্যৱহাৰ কৰা হৈছিল ।

উল্লেখযোগ্য যে ৭ জানুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানীত আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত দিল্লীত আচৰণ বিধি বলবৎ হয়। ৫ ফেব্ৰুৱাৰীত একক পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচন ২০২৫-ৰ ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব।

দিল্লীত দেখা যাব আপ, বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ ত্ৰিকোণীয় যুদ্ধ। কেজৰিৱাল নেতৃত্বাধীন দলটোৱে   একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ যুঁজ দিব।  আনহাতে বিজেপিয়ে আপক সিংহাসনৰ পৰা নমাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

দিল্লী অৰবিন্দ কেজৰিৱাল