/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kejriwal.jpg)
ডিজিটেল ডেস্ক : ৮ আগষ্ট, সোমবাৰে নতুন দিল্লীত আয়োজিত এক সংবাদ মেলত দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰে এক গুৰুতৰ অভিযোগ । দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰি অহা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বাবে যিসকল ব্যক্তিয়ে দিল্লীক বিনামূলীয়া সংস্কৃতিৰ আলয় বুলি অভিযোগ তুলি আহিছে আৰু যি চৰকাৰে পূজিপতিসকলৰ ঋণ মাফ কৰি দিছে সেইসকলহে প্ৰকৃততে দেশৰ শত্ৰু বুলিও অভিহিত কৰে কেজৰিৱালে ।
কেন্দ্ৰৰ বিজেপি চৰকাৰক এনেদৰে পৰোক্ষ্য আক্ৰমণ কৰি ক্ষোভ উজাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, ভাৰতৰ দৰে দেশ এখনত বিনামূলীয়া স্বাস্থ্যসেৱা আৰু শিক্ষা প্ৰদান অতিকৈ গুৰুত্বপূৰ্ণ । ইয়াৰ বিৰোধিতা কৰাসকলে কেন্দ্ৰীয় চৰকাৰক চহকী পুঁজিপতিসকলৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰা সন্দৰ্ভত হে প্ৰশ্ন সুধিব লাগে ।
উল্লেখ্য যে, বিনামূলীয়া শিক্ষা আৰু স্বাস্হ্যসেৱা প্ৰচাৰৰ মূল অংশ হিচাবে লৈ ২০১৫ চনত নিৰ্বাচনত নামিছিল আম আদমি পাৰ্টী ।
আৰু পঢ়ক : আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us