৫০ কোটিৰ বিনিময়ত কেজৰিৱালে বিক্ৰী কৰিছিল ৰাজ্যসভাৰ আসন !

author-image
Asomiya Pratidin
New Update
৫০ কোটিৰ বিনিময়ত কেজৰিৱালে বিক্ৰী কৰিছিল ৰাজ্যসভাৰ আসন !

arvind kejriwal

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। ৫০ কোটি টকাৰ বিনিময়ত ৰাজ্যসভাৰ আসন বিক্ৰীৰ অভিযোগ উঠিছে কেজৰিৱালৰ বিৰুদ্ধে।

Advertisment

দিল্লীৰ মাণ্ডোলী কাৰাগাৰত বন্দী হৈ থকা সুকেশ চন্দ্ৰশেখৰৰ এক পত্ৰত এই বিস্ফোৰক অভিযো উত্থাপিত হৈছে। আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এক পত্ৰৰ জৰিয়তে সুকেশ চন্দ্ৰশেখৰে অৰবিন্দ কেজৰিৱাললৈ লিখা এক পত্ৰত তেওঁ প্ৰশ্ন কৰিছে, যদি মই দেশৰ আটাইতকৈ ডাঙৰ প্ৰবঞ্চক হয়েই তেন্তে আপুনি কিহৰ ভিত্তিত মোৰ পৰা ৫০ কোটি টকা লৈ মোক ৰাজ্যসভাৰ আসন প্ৰদান কৰিছিল?

  User
User

একেখন পত্ৰত তেওঁ প্ৰশ্ন কৰিছে, ২০১৬ ত আপুনি মোক আৰু ব্যৱসায়ীসকলক আম আদমী পাৰ্টীৰ সৈতে জড়িত কৰি ৫০০ কোটি টকা সংগ্ৰহ কৰিবলৈ কিয় কৈছিল? ইয়াৰোপৰি কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কৈছে যে, ধন সংগ্ৰহৰ বিনিময়ত তেওঁক কৰ্ণাটক আপৰ শীৰ্ষ পদ অৰ্পণ কৰা হ'ব।

পত্ৰখনত অভিযোগ কৰা হৈছে অৰবিন্দ কেজৰিৱালে ২০১৬ ত কাৰাগাৰত থকা আপ নেতা সতীন্দ্ৰ জৈনৰ সৈতে এক পঞ্চ তাৰকাযুক্ত হোটেলত এক নৈশ ভোজত অংশগ্ৰহণ কৰিছল।

পত্ৰখনত সুকেশ চন্দ্ৰশেখৰে লিখিছে,- আপুনি ২০১৬ চনত কিয় মোৰ ডিনাৰ পাৰ্টীত সাতয়েন্দ্ৰ জৈনৰ সৈতে হায়াত, ভিকাজী কামা প্লেচত উপস্থিত আছিল? য'ত মই ৫০ কোটি টকা পৰিশোধ কৰাৰ পিছত আছিলোঁ। মই আপোনাৰ নিৰ্দেশনা অনুসৰি আচোলাৰ গেহলট ফাৰ্ম হাউচত এই টকাখিনি সতীন্দ্ৰ জৈনক দিছিলো।

  User
User

"কেজৰিৱালজী, ২০১৭ চনত তিহাৰ কাৰাগাৰত মোক লগ কৰিবলৈ অহাৰ সময়ত আপুনি মোৰ সৈতে মিঃ জৈনৰ ফোনত কিয় কথা পাতিছিল? ক'লা আইফোনত, নামটো একে-২ বুলি ছেভ কৰা আছিল।''

পত্ৰখনত পুনৰ লিখিছে, "কেজৰিৱালজী, আপুনি কিয় শ্ৰীযুত জৈনক মোক তামিলনাডুৰ কেইজনমান বিধায়ক আৰু অভিনেতাক আপত যোগদান কৰিবলৈ সৈমান কৰিবলৈ ক'বলৈ কৈছিল? ২০১৬ আৰু ২০১৭ চনত মোক কিয় নিৰন্তৰ হেঁচা দিয়া হৈছিল? ২০১৯ চনত জৈনক কাৰাগাৰৰ সুৰক্ষাৰ পৰিমাণৰ বাবে আৰু ১০ কোটি টকা দিয়াৰ সময়ত আপুনি কেনেকৈ 'ভাল' আছিল?

  User
User

সুকেশ চন্দ্ৰশেখৰে লিখা এই পত্ৰখনে এতিয়া দেশৰ ৰাজনীতিত জোকাৰণি তুলিছে। চন্দ্ৰশেখৰে দাবী কৰিছে তেওঁ কেজৰিৱালৰ নিৰ্দেশত হোৱা প্ৰতিটো ধনৰ লেনদেনৰ তথ্য ৰাজহুৱা কৰিব। কেজৰিৱালক আইনৰ কাথগড়াত থিয় কৰিব।

সন্মুখত গুজৰাট নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে কেজৰিৱালৰ বিৰুদ্ধে উত্থাপিত ধনৰ অবৈধ লেনদেনৰ প্ৰসংগই এতিয়া দলটোক যে বিপদত পেলাব সেয়া নিশ্চিত। এই বিপদৰ পৰা কেজৰিৱাল কিদৰে ৰক্ষা পৰে বা কিদৰে এই অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষ্যণীয়।

sukesh chandrasekhar arvind kejriwal