২০ কোটি লোৱা অথা ভুৱা গোচৰৰ বাবে সাজু হোৱা ! আপৰ বিধায়ক বিজেপিৰ প্ৰস্তাৱ…

২০ কোটি লোৱা অথা ভুৱা গোচৰৰ বাবে সাজু হোৱা ! আপৰ বিধায়ক বিজেপিৰ প্ৰস্তাৱ…

author-image
asomiyapratidin
New Update
২০ কোটি লোৱা অথা ভুৱা গোচৰৰ বাবে সাজু হোৱা ! আপৰ বিধায়ক বিজেপিৰ প্ৰস্তাৱ…

ডিজিটেল ডেস্কঃ আপ এৰি বিজেপিত যোগদান কৰিলে এজন বিধায়কে লাভ কৰি ২০ কোটি কৈ টকা ! বিজেপিয়ে দিল্লীৰ আপৰ বিধায়কলৈ এই অফাৰ আগবঢ়োৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে দলটোৱে আহ্বান কৰিছে সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা পাব্লিক এলায়েন্স কমটীৰ বৈঠক।

উল্লেখ্য যে আপৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বিৰুদ্ধে চি বি আইয়ে জাৰি কৰিছে লুক আউট নটিছ। সমান্তৰাল কৈ মনীষ ছিছোদিয়াক আপ এৰ বিজেপিত যোগদানৰ প্ৰস্তাৱো আগবঢ়াইছে বিজেপি নেতৃত্বই। এই অভিযোগ উত্থাপন মনীষ ছিছোদিয়াই ইতিমধ্যে সংবাদ মেল সম্বোধন কৰিছে আৰু বিজেপিত যোগদান কৰিলে তেওঁক দিল্লীৰ মুখ্যমন্ত্ৰীত্বৰো প্ৰস্তাৱ দিয়াৰ কথা প্ৰকাশ কৰিছিল।

এনে এক পৰিস্থিতিৰ মাজতে আপে আহ্বান কৰা এই বৈঠকে বিশেষ গুৰুত্ব লাভ কৰিছে। ২৪ আগষ্ট ২০২২, বৃহস্পতিবাৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিয়লি ৪ বজাত এই বৈঠক আহ্বান কৰিছে। উল্লেখ্য যে বিজেপিয়ে ২০ কোটি টকাৰ প্ৰলোভন আৰু ই ডিৰ অভিযানৰ ভয় দেখুৱাই আপৰ বিধায়কক বিজেপিত চামিল কৰি দিল্লীৰ চৰকাৰ ভাঙিবলৈ চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ তুলিছিল মনীষ ছিছোদিয়াই।

এই সন্দৰ্ভত তেওঁ কয় য,আপৰ বিধায়কসকল অৰবিন্দ কেজৰিৱালৰ সৈনিক আৰু ভগত সিঙৰ অনুগামী। তেওঁলোকে দলক বিশ্বাসঘাতকতা নকৰে। ইফালে এক সংবাদ মেল সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে- অজয় দত্ত, সঞ্জীৱ ঝা, সোমনাথ ভাৰতী আৰু কুলদীপ আদি বিধায়কক ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতাসকলে যোগাযোগ কৰিছে।

সঞ্জয় সিঙে কয়, যদি তেওঁলোকে বিজেপিত যোগদান কৰে তেন্তে তেওঁলোকক ২০ কোটি টকা আৰু আন বিধায়কসকলক একত্ৰিত কৰাৰ বাবে ২৫ কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয়, -বিজেপি নেতাসকলে আমাৰ বিধায়কসকলক কৈছে যে যদি তেওঁলোকে এই প্ৰস্তাৱ গ্ৰহণ নকৰে, তেন্তে তেওঁলোক ভুৱা গোচৰৰ সন্মুখীন হ'ব। এইক্ষেত্ৰত তেওঁ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই সন্মুখীন হোৱা ভুৱা গোচৰৰ কথা সোঁৱৰে।