মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৃহৎ ঘোষণা…

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৃহৎ ঘোষণা…

ডিজিটেল ডেস্ক:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৃহৎ ঘোষণা । আগন্তুক ৫ বছৰত দিল্লীত ২০ লাখ লোকক দিয়া হব কৰ্ম সংস্থাপন । ইয়াৰ লগতে দিল্লীক খাদ্যৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলা হব ।  দেওবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে  মুখ্যমন্ত্ৰী কেজৰিৱালে ।

সংবাদমেল যোগে মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে , দেশত নিবনুৱা সমস্যা এক গম্ভীৰ সমস্যালৈ পৰ্যবেসিত হৈছে । এই সমস্যা দুৰ কৰিবৰ বাবে আমাৰ চৰকাৰে আগন্তুক ৫ টা বছৰত ২০ লাখ লোকক কৰ্মসংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছে । বিগত কেইটা বছৰত  আমাৰ চৰকাৰে ১২ ৰ পৰা ১৩ লাখ লোকক কৰ্মসংস্থাপন দিছে । যিহেতু দিল্লীক খাদ্যৰ ৰাজধানী হিচাপে জনা যায় সেয়েহে দিল্লীক খাদ্যৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱা হৈছে । ইয়াৰ জৰিয়তে দিল্লীত আৰু অধিক কৰ্মসংস্থাপন লাভ কৰিব ।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, প্ৰথম পৰ্যায়ত দিল্লী চৰকাৰে দুটা খাদ্য কেন্দ্ৰ স্থাপন কৰিব । ইয়াৰে এটা মজনু কা তিলাত আৰু আনতু চান্দনী চকত ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in