/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e9bbd6cb-3647-4233-ae9e-5a0a1d8aab0b/kejriwal.jpg)
kejriwal
ডিজিটেল ডেস্কঃ সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে গুজৰাটত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আম আদমি পাৰ্টীৰ( আপ ) নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মঙলবাৰে ছোনিয়া গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে দেশৰ মুখ্য বিৰোধী দল এতিয়া শেষ হৈছে, ই এটা ভিত্তিহীন দল।
সংবাদ মাধ্যমৰ আগত কেজৰিৱালে কয় যে কংগ্ৰেছ দলৰ এতিয়া কাম নাই, শেষ হৈছে। সেয়ে সাংবাদিকক কংগ্ৰেছ সম্পৰ্কে প্ৰশ্ন সোধাৰ পৰা বিৰত থাকিবলৈ কয়।
গুজৰাটত আম আদমী পাৰ্টি শাসনলৈ আহিলে ৰাজ্যখনৰ জনসাধাৰণক দুৰ্নীতিমুক্ত চৰকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে কেজৰিৱালে অভিযোগ কৰে যে শাসকীয় বিজেপিয়ে ছোনিয়া গান্ধীক পিছ দুৱাৰৰে প্ৰধানমন্ত্ৰী কৰিব বিচাৰে বুলি বি জে পিক কটাক্ষ কৰে।
অন্যহাতে গুজৰাট বিধানসভা নিৰ্বাচনত নৰ্মদা বচাও আন্দোলনৰ নেতা মেধা পাটকাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি বিজেপিৰ দাবী সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত গৰজি উঠা কেজৰিৱালে কয় যে আপে মেধা পাটকাৰক গুজৰাটত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি কোৱাৰ দৰে বিজেপিয়ে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ থকা কথাৰ লেখিয়া।