কেজৰিৱালৰ চমক ! গুজৰাটবাসীয়ে নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচিত কিৰব মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী...

কেজৰিৱালৰ চমক ! গুজৰাটবাসীয়ে নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচিত কিৰব মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী...

ডিজিটেল ডেস্কঃ কোন হ'ব গুজৰাটত আপৰ মুখ্যমন্ত্ৰীৰ মুখ? আপৰ শীৰ্ষ নেতৃত্বই নহয়, পঞ্জাৱৰ দৰেই গুজৰাটবাসীয়ে নিজেই নিৰ্বাচন কৰিব দলটোৰ নেতা।

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাট নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিছে চতুৰ ৰাজনীতি। কাম আৰু উন্নয়নৰ কথাৰে ৰাজনীতি কৰা বুলি দাবী কৰি অহা কেজৰিৱালে গুজৰাটত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিৰ অস্ত্ৰই বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰি দলটোক বিপদত পেলালে।

কেজৰিৱালে গুজৰাটত কাম আৰু উন্নয়নৰ ৰাজনীতিৰ কথাৰ সমান্তৰালকৈ আৰম্ভ কৰিলে সাম্প্ৰদায়িক ৰাজনীতিও। নিজকে হিন্দুত্ববাদী চিন্তাৰ অধিকাৰী বুলি জাহিৰ কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী মোডীলৈ ভাৰতীয় টকাত লক্ষ্মী আৰু গণেশৰ ছবি সন্নৱিষ্ট কৰিবলৈ দাবী উত্থাপন কৰিছে। কেৱল দাবীয়েই নহয়, প্ৰধানমন্ত্ৰী মোডীলৈ লিখিলে পত্ৰও।

ইফালে দুই এজন বিজেপি নেতাই কেজৰিৱালৰ এই দাবীক সমালোচনা কৰিবলৈ আৰম্ভ কৰোতেই আপৰ একাংশ নেতাই যিয়েই এই দাবীৰ বিৰোধিতা কৰে তেওঁলোকক গুজৰাট এৰি পাকিস্তান যাবলৈও পৰামৰ্শ আগবঢ়ালে। আপৰ এনে কথা বতৰায়ে গুজৰাটত দলটোক অধিক শক্তিশালী কৰিছে বুলিও চৰ্চা চলিছে।

এনে চৰ্চাৰ মাজতে আকৌ এইবাৰ কেজৰিৱালে দাবী কৰিছে, গুজৰাটত এইবাৰ আপৰে চৰকাৰ হ'ব আৰু দলটোৱে যাকেই মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে তেওঁৱেই মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব। ইয়াৰোপৰি কেজৰিৱালে পঞ্জাৱৰ দৰেই গুজৰাটৰ জনসধাৰণেই তেওঁলোকৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিজেই নিৰ্ধাৰণ কৰিব বুলিও প্ৰকাশ কৰিছে।

গুজৰাটত আপৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হোৱা উচিত সেই বিষয়ে জনমত ল'বলৈ কেজৰিৱালে এটা মোবাইল নম্বৰো ৰাজহুৱা কৰিছে। এই মোবাইল নম্বৰটোৰ জৰিয়তে জনসাধাৰণে নিজৰ ৰায় দিব পাৰিব। এছ এম এছ আৰু হোৱাটছএপৰ জৰিয়তে জনতাই নিজৰ মতামত আগবঢ়োৱাৰ লগতে হোৱাটছএপৰ জৰিয়তে ভয়ছ মেচেজ প্ৰেৰণ কৰিও নিজৰ পচন্দৰ প্ৰাৰ্থীৰ বিষয়ে অৱগত কৰিব পাৰিব।

গুজৰাটৰ জনসাধাৰণে অহা ৩ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ পৰৱৰ্তী দিনটোত আপে ঘোষণা কৰিব গুজৰাটত দলটোৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in