/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/arvind-kejriiiiiwalalaUntitled-3.jpg)
kejriwal
ডিজিটেল ডেস্ক: ৰাজধানী দিল্লীত নগৰ নিগম নিৰ্বাচনৰ (এমচিডি) পূৰ্বে আম আদমী পাৰ্টি (আপ) আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মাজত ৰাজনৈতিক বাকযুদ্ধ অব্যাহত আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে বিজেপিক কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়।
টুইট কৰি তেওঁ কয় যে লেতেৰা ৰাজনীতিৰ বাবে আপে গ্ৰহণ কৰা বিভিন্ন কামত বাধা আহি পৰিছে। প্ৰদূষণ হ্ৰাস কৰাৰ বাবে আপ চৰকােৰে যোৱা কেইবা বছৰ ধৰি গ্ৰহণ কৰি অহা পদক্ষেপ সমূহ বন্ধ কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে কেজৰিৱালে।
মুখ্যমন্ত্ৰী কেজৰিৱালৰ পূৰ্বে দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়েও এই আঁচনিখন বন্ধ কৰাক লৈ দিল্লীৰ ৰাজ্যপালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। তেওঁ বৃহস্পতিবাৰে কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে অনা অভিযান 'ৰেড লাইট অন গাড়ী অফ'ৰ অভিযান ৰাজ্যপালে আৰম্ভ হ'ব দিয়া নাছিল।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী কেজৰিৱালে বুধবাৰেও বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে বিজেপিয়ে সমগ্ৰ দিল্লী আৱৰ্জনাময় কৰি পেলাইছে।
Its really v sad that efforts of Del govt to curb pollution, which played critical role in reducing pollution all these years, are being stopped now due to dirty politics. Lets not play wid the health of the people https://t.co/08BmcIRaE1
— Arvind Kejriwal (@ArvindKejriwal) October 27, 2022