অসম অৰুণাচল প্ৰদেশ সীমান্তত গাঁও এৰি যাবলৈ সীমান্তবাসী অসমীয়াক ভাবুকি দুৰ্বৃত্তৰ...

অসম অৰুণাচল প্ৰদেশ সীমান্তত গাঁও এৰি যাবলৈ সীমান্তবাসী অসমীয়াক ভাবুকি দুৰ্বৃত্তৰ...

author-image
Asomiya Pratidin
New Update
অসম অৰুণাচল প্ৰদেশ সীমান্তত গাঁও এৰি যাবলৈ সীমান্তবাসী অসমীয়াক ভাবুকি দুৰ্বৃত্তৰ...

ডিজিটেল সংবাদ,বিহালী: অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত অৰুণাচলীৰ দাদাগিৰী। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ নাহৰজান আৰু কাজিয়ামাটি গাঁৱত একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে সীমান্তবাসী অসমীয়াক গাঁও এৰি যাবলৈ ভাবুকি দি পোষ্টাৰিং কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

অৰুণাচলৰ দুষ্ট চক্ৰই অসমৰ ভূমিত বিভিন্ন ঠাইত পোষ্টাৰিং কৰি জুৰীগাং,ডফলাগড়, তিনিকোণীয়া, নালনবাৰী, মংগল বজাৰ, কুইলাতিনিয়ালী, গৌশালা ৰাজগড়, লালপানী, ডিগালমুখ তিনিআলী আদি ঠাইসমূহ খালী কৰিবলৈ ভাবুকি প্ৰদান কৰিছে।

ইয়াৰ আগতেও নাহৰজান অঞ্চলত অৰুণাচলী দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি বহু লোকক আহত কৰিছিল। ২০১৪ চনত অৰুণাচলী দুষ্কৃতিকাৰীয়ে অতি নিৰ্মমভাৱে চাউলধোৱাত ১৫জন নিৰীহ অসমীয়াক গুলীয়াই হত্যা কৰিছিল। ইফালে,পোষ্টাৰিঙৰ জৰিয়তে অসমীয়াক গাঁও এৰিবলৈ ভাবুকি দিয়া ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই বিশ্বনাথৰ আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে চি.পি.আই.এম.এল দলৰ বিশ্বনাথ জিলা সমিতিয়ে।

সংগঠনটোৰ জিলা সম্পাদক নাৰায়ণ পৌড়েল,জিলা সদস্য পৰিমল গৌড়,প্ৰাঞ্জল কুটুম আৰু ৰাজ্যিক সদস্য অনন্ত হাজৰিকাই বিশ্বনাথৰ আৰক্ষী অধীক্ষকক আজি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে।

সংগঠনটোৰ দাবীসমূহ হ'ল চাউলধোৱাকে ধৰি বাকী থকা সুৰক্ষা শিবিৰ (BOP) সমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰা, গাঁও খালী কৰিবলৈ ভাবুকি দিয়া দুষ্কৃতিকাৰী সকলক অতি শীঘ্ৰে কৰায়ত্ত্ব কৰা,নাহৰজান, কাজিয়ামাটিকে ধৰি সীমান্তৱৰ্তী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা,শেহতীয়াভাৱে অৰুণাচলে নতুনকৈ চলোৱা আগ্রাসন বন্ধ কৰাৰ লগতে সীমান্তৱৰ্তী গাঁও নাহৰজান আৰু কাজিয়ামাটিত বিদ্যুৎ যোগানকে ধৰি আন আন্তঃগাঁথনি সমূহ উন্নত কৰাৰ ব্যৱস্থা কৰক।

Also Read: ৫২বছৰীয়া প্ৰতীক্ষাৰ অন্তঃ অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতীয় হকী দলৰ...

arunachali threats assamese arunachal pradesh