চিংলীজানত অৰুণাচলী শিল-বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ কঠোৰ অভিযান

চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ অহা বুৰৈ নৈত একাংশ অৰুণাচলী শিল-বালি মাফিয়াই অবৈধ ভাবে শিল-বালি সৰবৰাহৰ দৰে দুস্কাৰ্য্যত লিপ্ত হৈ অসমৰ বন আইনৰ প্ৰতি বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে।

author-image
Asomiya Pratidin
New Update
mnbbm

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ চিংলীজান খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন দুলুঙত অৰুণাচলী দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে বন বিভাগে।

Advertisment

উল্লেখযোগ্য যে, চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ অহা বুৰৈ নৈত একাংশ অৰুণাচলী শিল-বালি মাফিয়াই অবৈধ ভাবে শিল-বালি সৰবৰাহৰ দৰে দুস্কাৰ্য্যত লিপ্ত হৈ অসমৰ বন আইনৰ প্ৰতি বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে।

বনাঞ্চলখনৰ ভিতৰৰ দুলুঙৰ সমীপৰ বুৰৈ নৈত জেচিবি,ডাম্পাৰ আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰি অবৈধ ভাবে শিল-বালি সৰবৰাহ কৰাৰ বিষয়ে চিংলীজানৰ খণ্ড বিষয়া ধনজিৎ চুতীয়াই খবৰ লাভ কৰাৰ পিছত এই বিষয়ে অৱগত কৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিশ্বজিৎ দাস আৰু বৰগাঙৰ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাক।

ইয়াৰ পিছত আজি দিনৰ প্ৰায় ১১ বজাত বন বিষয়া দুগৰাকীৰ নিৰ্দেশমৰ্মে উক্ত এলেকাত এক অভিযান চলোৱা হয়।চিংলীজানৰ খণ্ড বন বিষয়া ধনজিৎ চুতীয়াৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে চলোৱা অভিযানত শিল-বালি খান্দি থকা অৱস্থাৰ পৰা পলাই পত্ৰং দিয়ে কেইবাজনো অৰুণাচলী লোকৰ লগতে চালক আৰু হেণ্ডিমেন।

বন বিভাগৰ দলটোক দেখাৰ লগে লগে জেচিবি, ডাম্পাৰ আৰু ট্ৰেক্টৰ সমূহ মুহূৰ্তৰ ভিতৰতে সেই স্থানৰ পৰা ৰামঘাটৰ দিশলৈ আতৰ কৰি লৈ যায় অৰুণাচলী লোক সকলে। অসমৰ মাটিত বন আইন উলংঘা কৰি এনেদৰে শিল বালি সৰবৰাহ কৰাৰ কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ অৰুণাচলী লোক সকলক সকীয়াই দিছে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে।

উল্লেখযোগ্য যে-চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱা আৰু খণ্ড বন বিষয়া ধনজিৎ চুতীয়াৰ নেতৃত্বত কঠোৰ পদক্ষেপ অব্যাহত থকা পৰিলক্ষিত হৈ আহিছে।

বন বিভাগ ছয়দুৱাৰ