ইতিহাসৰ স্বৰ্ণিল অধ্যায় সামৰি কলাক্ষেত্ৰত অৰুণাচল ৰঙ্গ মহোৎসৱ...

ইতিহাসৰ স্বৰ্ণিল অধ্যায় সামৰি কলাক্ষেত্ৰত অৰুণাচল ৰঙ্গ মহোৎসৱ...

ডিজিটেল ডেস্কঃ মঙলবাৰৰে পৰা আৰম্ভ হৈছে অৰুণাচল ৰঙ্গ মহোৎসৱ। অৰুণাচল চৰকাৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় অৰুণাচল ৰঙ্গ মহোৎসৱ শীৰ্ষক এই নাট মহোৎসৱটি। ৪ দিনীয়াকৈ অৰ্থাৎ ৮ আগষ্ট, ২০২৩ৰ পৰা ১১ আগষ্ট, ২০২৩ লৈ গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল নাটকৰ জৰিয়তে অৰুণাচলৰ ইতিহাস বিশ্ববাসীৰ আগত দাঙি ধৰা।

নাট্য শিল্পী শৈলেন গগৈৰ দ্বাৰা পৰিচালিত চ্যু-কা-ফা শিল্পী সমাজৰ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হয় অৰুণাচল মহোৎসৱৰ আৰম্ভণি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্য শিল্পী দুলাল ৰায়, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দু, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্বৌনা মেইন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সম্পাদক সুদৰ্শন ঠাকুৰ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰফেচৰ তথা নাট্য পৰিচালক ৰিকেন নঙলে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

১৩০ জনৰো অধিক কলা-কুশলীৰ অংশগ্রহণেৰে অনুষ্ঠিত অনুষ্ঠানত মঙলবাৰে মঞ্চস্থ কৰা প্ৰথমখন নাট আছিল চাওফা-লাং-লু। নাটখনিৰ পৰিচালনা কৰিছে ৰিকেন নঙলেয়ে। হিন্দী ভাষাত উপস্থাপন কৰা এই নাটখনি ১ ঘণ্টা ৫০ মিনিট দৈৰ্ঘ্যৰ। খামটি বীৰ যুদ্ধা ৰণুৱা গোহাঁইৰ কাহিনীৰ ওপৰত আধাৰিত এই নাটখনিত ইতিহাসত সন্নিৱিষ্ট নথকা বহু কথা অৰুণাচল চৰকাৰে গৱেষণাৰ জৰিয়তে উদ্ধাৰ কৰি নাট হিচাপে মঞ্চস্থ কৰিছে। বৃটিছক প্ৰত্যুত্তৰ দি ৰণুৱা গোহাঁই বাহিনীয়ে কি দৰে সেই সময়ত ৮০জনকৈ বৃটিছ বাহিনীক হত্যা কৰি সাহস তথা বীৰত্ব প্ৰদৰ্শন কৰিছিল সেই সাহস-বীৰত্বৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে চাওফা-লাং-লু। ইয়াৰ পাছৰ কেইদিনত মঞ্চস্থ হ'ব লগীয়া আন কেইখন নাট হ'ল ক্ৰমে- পজু মিমাক, নিনু৮০, অৰুণাচল- এক ছফৰনামা।

নাটকখনৰ সন্দৰ্ভত ভাষণ প্ৰসংগত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্বৌনা মেইনে কয় যে- বৃটিছৰ শাসনকালত উত্তৰ-পূব ভাৰতৰ শদিয়া তথা পূব অৰুণাচলৰ এলেকাত শাসন কৰিবলৈ গৈ খামটি লোকসকলক কৰা অত্যাচাৰৰ প্ৰত্যুত্তৰ দিছিল ৰণুৱা গোহাঁইয়ে। খামটিসকলৰ খেতিত তেওঁলোকে পালন কৰা গৰু নিশা এৰি দি শস্য বিনষ্ট কৰাৰ উপৰিও নানা অত্যাচাৰ কৰিছিল। এনেবোৰ কাৰণত খামটি আৰু বৃটিছৰ মাজত সূত্ৰপাত হোৱা সংঘাতৰ পৰিণতিত বৃটিছৰ গুলীত বহু খামটিয়ে মৃত্যুক আঁকোৱালি লয়। এই মৃত্যুৰ প্ৰত্যুত্তৰ দি ৰণুৱা গোহাঁই বাহিনীয়ে বৃটিছৰ ওপৰত আক্ৰমণ কৰি ৮০জনকৈ বৃটিছক হত্যা কৰে।

তেওঁ লগতে কয় যে- এই বীৰত্বৰ কথা মাত্ৰ মুখে মুখে প্ৰচলিত কাহিনী হিচাপে পোৱাত অৰুণাচল চৰকাৰে ইতিহাসৰ সমল বিচাৰি লণ্ডনকে ধৰি বহু ঠাইত গৱেষণা আৰম্ভ কৰে। গৱেষণাৰ সুযোগ লাভ কৰা হয় আজাদি কা অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ঠাইৰ ইতিহাস জানিবলৈ প্ৰয়াস কৰিব দিয়া প্ৰচেষ্টাৰ বাবে। উক্ত গৱেষণাৰ জৰিয়তে বৰ্তমান সঠিক সমল হিচাপে বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই তথ্যৰ আধাৰতেই নাট মহোৎসৱত চাওফা-লাং-লু শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ'ল ইতিহাসৰ পাতত সন্নিৱিষ্ট নথকা এনে কাহিনীবোৰ বিশ্ববাসীৰ আগত দাঙি ধৰা।

উল্লেখ্য যে, এই মহোৎসৱ দেশৰ চাৰিটাকৈ স্থানত আয়োজন কৰা হয়। বিগত ১০ জুলাইৰ পৰা ২১ জুলাইলৈ গান্ধী স্মৃতি আৰু দৰ্শন সমিতিৰ সহযোগত দেশৰ ৰাজধানী চহৰ দিল্লীত, ২৫ জুলাইৰ পৰা ২৮ জুলাইলৈ পি এল দেশপাণ্ডে মহাৰাষ্ট্ৰ কলা একাডেমীৰ সহযোগত মুম্বাইত, ২ জুলাইৰ পৰা ৫ জুলাইলৈ কলকাতা চহৰত ইতিমধ্যেই প্ৰদৰ্শিত হৈছে উক্ত নাটকেইখন।

ইতিহাসৰ স্বৰ্ণিল অধ্যায় সামৰি কলাক্ষেত্ৰত অৰুণাচল ৰঙ্গ মহোৎসৱ...
অবৈধ ধনৰ লেন-দেনঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in