অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি...

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ৰণ' হিলছত থকা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে ছাত্ৰ সংগঠনৰ সদস্যই।

author-image
Asomiya Pratidin
New Update
অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ৰণ' হিলছত থকা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে ছাত্ৰ সংগঠনৰ সদস্যই। সোমবাৰে দুপৰীয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কোঠাত প্ৰৱেশ কৰি কোঠাৰ আচবাব-পত্ৰ, টিভি, চকী-মেজ ভাঙি পেলাই বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সদস্যৰ দল এটাই।

Advertisment

বিশ্ববিদ্যালয়ৰ হোষ্টেল ব্যৱস্থাপনাক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ আছিল একাংশ ছাত্ৰ। উপাচাৰ্য অধ্যাপক ড° চাকেট কুশ্বৱাহাৰ লগত কিছুদিন পূৰ্বে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা আৰু সদৌ নিছি ছাত্ৰ সন্থাৰ বিশ্ববিদ্যালয়ৰ শিক্ষক নিযুক্তিক কেন্দ্ৰ কৰি তীব্ৰ মত বিৰোধ হৈছিল।

আজিৰ এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ছাত্ৰ সন্থা তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। বিশ্ববিদ্যালয়ৰ নিৰপত্তাৰক্ষীয়ে প্ৰকাশ কৰা মতে আক্ৰমণকাৰীসকল বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সদস্য আছিল।

arunachal