/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3ca974f8-6c3f-4654-a7d6-1e76a828bc8c/arunachal1.jpg)
Arunachal
ডিজিটেল সংবাদ,অৰুণাচলঃ অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাত আৰু ভূমিস্খলন। সোমবাৰে নিশা অৰুণাচল প্ৰদেশৰ পাকে কেছাং, পশ্চিম কামেং, পাপুমপাৰে আদি জিলাত হোৱা প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাত ঠায়ে ঠায়ে গছ-গছনি ভাঙি পৰাৰ ফলত বন্ধ হৈছে বাট-পথ। উল্লেখ্য যে, বৰষুণ আৰু ভূমিস্খলনৰ ফলত বহুকেইটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধনো হয়।
ৰাজ্যখনৰ ৱেষ্ট কামেং জিলাৰ সদৰ বমডিলাত বমডিলা -টাৱাঙ সংযোগী পথটো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাৰ লগতে বমডিলা বিজুলী সংযোগো ব্যাহত হৈ পৰে।