অৰুণাচলৰ আপায় চিৰাং জিলাত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ ৪ জনৰ মৃতদেহ উদ্ধাৰ...

উল্লেখ্য যে চলিত মাহত অৰুণাচলত সংঘটিত হোৱা এয়া দ্বিতীয়টো বিমান দুৰ্ঘটনাৰ ঘটনা
heli crash
heli crash

ডিজিটেল ডেস্ক : শুকুৰবাৰে পুৱা ১০.৪০ বজাত অৰুণাচলৰ আপায় চিৰাং জিলাত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। উল্লেখ্য যে চলিত মাহত অৰুণাচলত সংঘটিত হোৱা এয়া দ্বিতীয়টো বিমান দুৰ্ঘটনাৰ ঘটনা।

ভাৰত-চীন সীমান্তৰ প্ৰায় কাষৰ অতি দুৰ্গম অঞ্চলত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনাটো। যাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল কোনো লোকক।

শনিবাৰে উদ্ধাৰ অভিযান চলাই ৪টা মৃতদেহ উদ্ধাৰ কৰা হয়। আনহাতে এজন সেনা জোৱান বৰ্তমানেও সন্ধানহীন অৱস্থাত আছে। সেনা বাহিনীৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

উল্লেখ্য যে কাৰিকৰী বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি বৰ্তমান জানিব পৰা গৈছে। এ.টি.চিলৈ কাৰিকৰী বিজুতিৰ বৰ্তা প্ৰেৰণ কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলটে। ইতিমধ্য চাৰিটা মৃতদেহৰ ভিতৰত ৩টা মৃতদেহ চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা ৬ অক্টোবৰতো অৰুণাচলত সংঘটিত হৈছিল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা। ভাৰত-চীন সীমান্তত সংঘটিত হোৱা সেই দুৰ্ঘটনাত এজন পাইলট নিহত হৈছিল। গুৰুতৰ ভাৱে আহত হৈছিল সহযোগী আন এজন পাইলট। ইফালে ২০১০ চনৰ পৰা বৰ্তমান পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ৬ খনকৈ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in