/asomiyapratidin/media/media_files/2025/11/12/ar-2025-11-12-12-19-26.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : অসম- অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়াৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ খাৰচাং জিঅ'এনপ্ৰ পেট্ৰলিয়াম লিমিটেডৰ দ্বাৰা পৰিচালিত ৱাল নং ৭৬ তেল খাদৰ গেছ নিৰ্গত হোৱাত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে। তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে যদিও গেছ নিয়ন্ত্ৰণ কৰিব পৰা নাই।
এই ঘটনাক লৈ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে। উল্লেখ্য যে, এই ঘটনাটোৱে স্থানীয় লোকসকলৰ মাজত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us