/asomiyapratidin/media/media_files/2024/12/25/yiNqJblW3zj3tWRlGXr2.jpg)
ডিজিটেল সংবাদ,অৰুণাচলঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত এটি শিশুকে ধৰি ৫ জন লোক নিহত হয়। মঙলবাৰে সন্ধিয়া ৫ মান বজাত টাৱাঙৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ লুমলাৰ ওচৰৰ ছেৰবাং নামৰ ঠাইখনত এখন গাড়ী পথৰ পৰা বাগৰি পাহাৰৰ তলত পৰেগৈ।
গাড়ীখনত থকা এজন পুৰুষ, এটি শিশু আৰু তিনিগৰাকী মহিলা এই দুৰ্ঘটনাত কৰুণ ভাবে মৃত্যু হয় যদিও সৌভাগ্য ক্ৰমে গাড়ীখনত থকা আন দুটি শিশুক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰে। উদ্ধাৰ কৰা শিশু দুটিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দলে মৃতদেহকৈইটা উদ্ধাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us