ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ পুনৰ মুকলি কৰাৰ দাবীৰে প্ৰতিবাদঃ ছমাহ সময় নিৰ্ধাৰণ কৰি দিলে সাংস্কৃতিক ঐক্যমঞ্চই

শীঘ্ৰেই ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণ কৰি মুকলি কৰি দিয়াৰ দাবীৰে আজি ৰবীন্দ্ৰ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে সাংসস্কৃতিক ঐক্যমঞ্চই। চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিলে ৬ মাহ।

author-image
Tushar Pratim
New Update
ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ পুনৰ মুকলি কৰাৰ দাবীৰে প্ৰতিবাদঃ ছমাহ সময় নিৰ্ধাৰণ কৰি দিলে সাংস্কৃতিক ঐক্যমঞ্চই

ডিজিটেল ডেস্কঃ শীঘ্ৰেই ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণ কৰি মুকলি কৰি দিয়াৰ দাবীৰে আজি ৰবীন্দ্ৰ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে সংস্কৃতি ঐক্যমঞ্চ, অসমে। মঞ্চই আজি এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক ৬ মাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰি দিয়াৰ আহ্বান জনাইছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত তেনে পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজ্যজুৰি প্ৰতিবাদৰো হুংকাৰ প্ৰদান কৰিছে। 

Advertisment

উল্লেখ্য যে, গুৱাহাটীৰ মাজমজিয়াত থকা অৱস্থিত ঐতিহাসিক আৰু অসমৰ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ ৰবীন্দ্ৰ ভৱন বিগত তিনি বছৰ ধৰি বন্ধ হৈ আছে। ফলত নাট্য চৰ্চাকে ধৰি শিল্প, সংস্কৃতিৰ সৈতে জড়িত লোকসকল ক্ষোভিত হৈ পৰিছে।

আজি সাংস্কৃতিক ঐক্যমঞ্চই এই ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিভিন্ন ধৰণৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগানে দিয়ে। এই প্ৰতিবাদৰ মাজতে তেওঁলোকে সংবাদ মাধ্যমৰত আগত কয় যে, “আমি সকলো শিল্প কৰ্মৰে জড়িত। আমি আন একো নাজানো। আমি মাথোঁ আমাক আমাৰ ৰবীন্দ্ৰ ভবন পুনৰ ঘূৰাই দিয়াৰ অনুৰোধ কৰিছোঁ। চৰকাৰে হৈছিল ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণ কৰি শিল্পী আৰু জনতাৰ বাবে মুকলি কৰি দিব। কিন্তু যোৱা তিনি বছৰে একো কামেই হৈ নুঠিল। এই তিনি বছৰত চৰকাৰী পক্ষই বহুবাৰ কৈছে ৰবীন্দ্ৰ ভৱনৰ পুনৰ নিৰ্মাণৰ কাম চলিছে। কিন্তু কেতিয়া মুকলি কৰি দিব তাৰো কোনো স্পষ্ট সময় ঘোষণা কৰানাই।

সংস্কৃতি মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া

ইপিনে, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই শিল্পী, সাংস্কৃতিক কৰ্মীৰ এই প্ৰতিবাদৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, ৰবীন্দ্ৰ ভবন পুনৰ খুলি দিবলৈ অতি কমেও দুবছৰ লাগিব। তেওঁ কয়,  “আমিয়ে সংস্কৃতিক ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক লৈ এখন কমিটি গঠন কৰিছিলোঁ। তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিতেই আমি লোক নিৰ্মা বিভাগক ৰবীন্দ্ৰ ভৱনক পুনৰ নিৰ্মাণ কৰিবলৈ দায়িত্ব দিছিলো। এইটো এটা ডাঙৰ প্ৰকল্প, আৰু কংক্ৰিট আৰু গঠনকাৰ্যৰ বাবে সময় লাগিব। সেয়েহে সম্পূৰ্ণ হ'বলৈ কমেও দুবছৰ সময় লাগিব।” 

প্ৰতিবাদ rabindra bhawan