দুৰাৰোগ্য ৰোগক প্ৰতিহত কৰি শিল্পী তৰুণ বৰাই পুনৰ হাতত তুলি ল'লে ৰং-তুলিকা…

কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগ যে জীৱন চক্ৰৰ বাধা হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হʼল কলিয়াবৰৰ এজন চিত্ৰ-ভাস্কৰ্য তথা মুখাশিল্পী তৰুণ বৰা।

author-image
Asomiya Pratidin
New Update
শিল্পী তৰুণ বৰাই পুনৰ হাতত তুলি ল'লে ৰং-তুলিকা

ডিজিটেল সংবাদ,কলিয়াবৰ : কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগ যে জীৱন চক্ৰৰ বাধা হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হʼল কলিয়াবৰৰ এজন চিত্ৰ-ভাস্কৰ্য তথা মুখাশিল্পী তৰুণ বৰা। বৰাই বিগত দুটা বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা থকাত তেওঁ চিত্ৰ অংকন আৰু মুখাশিল্প কৰ্মত যতি পৰি ৰৈছিল । 

Advertisment

মুখাশিল্প

কিন্তু সেই দুৰাৰোগ্য ৰোগক প্ৰত্যাহ্বান জনাই পুনৰ ৰং তুলিকা হাততলৈ চিত্ৰ অংকনত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বিগত দুটা মাহত তেওঁ কুৰিটাৰো অধিক মুখাশিল্প আৰু দুখন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তৈল চিত্ৰ আৰু ৮খন পুথি চিত্ৰ অংকন কৰি উলিয়াইছে। শিল্পী বৰাই দেখুওৱা অদম্য সাহসে আন দুৰাৰোগ্য ৰোগী সকলকো জীয়াই থকাৰ প্ৰেৰণা যোগাব বুলি ক'ব পৰা যায়। 

উল্লেখযোগ্য যে, নগাঁও জিলাৰ কলিয়াবৰৰ সৰুভগীয়া গাঁৱত বাস কৰা এইগৰাকী নিপুণ শিল্পীৰ জন্ম হৈছিল ১৯৬৪ চনত। পিতৃ নোমল চন্দ্র বৰা, মাতৃ অৰুণা বৰাৰ দ্বিতীয় পুত্র তৰুণ বৰাৰ শিশুকালৰে পৰা চিত্ৰ অংকন আৰু সংগীতৰ প্রতি প্রবল ধাউতি আছিল। 

মুখাশিল্প
মুখাশিল্প

ছবি অঁকাৰ প্রতি প্রবল আগ্রহ থকাৰ বাবেই প্রথমে ছবি আঁকাৰ অভ্যাস গঢ়ি তোলে নিজৰ ঘৰখনতে। চিত্রাংকন বিদ্যালয়খনত নামভর্তিৰ বাবে যাওঁতে অধ্যক্ষ প্ৰণৱ বৰুৱাৰ লগত তৰুণ বৰাৰ কথোপকথন হ'ল ছবি আঁকা সন্দৰ্ভত। ঘৰতে জয়ন্ত হাজৰিকাৰ অইল পেইন্টিং কৰা বুলি প্ৰণৱ বৰুৱাই জানি তাক চাবলৈ বিচাৰিলে। 

পিছত এদিন প্রণৱ বৰুৱাই তৰুণ বৰাই অংকন কৰা জয়ন্ত হাজৰিকাৰ ছবিখন চাই ক'লে- চিত্র অংকনৰ ক্ষেত্রত তুমি আনুষ্ঠানিক শিক্ষাগ্রহণৰ প্রয়োজন নাই। লগতে এখন প্রমাণ-পত্রও প্রদান কৰিছিল তৰুণ বৰাক। তাৰ পিছৰ পৰা ঘূৰি চাব লগা হোৱা নাই চিত্রশিল্পী তৰুণ বৰাই। 

মুখাশিল্প
শিল্প

উল্লেখ্য যে তেওঁ যোৱা কিছুবছৰ ধৰি মুখাশিল্পৰ লগতো জড়িত হৈ পৰিছে। ইতিমধ্যে তেওঁ ভাওনাত ব্যৱহৃত একাধিক মুখা নিৰ্মাণ কৰি সমাদৃত হৈছে। 

ড° ভূপেন হাজৰিকাৰ গীত গাই ভাল পোৱা বৰাই ইতিমধ্যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্রসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ঘৰতে মাটিৰে নির্মাণ কৰি উলিয়াইছে। কেইবাখনো কেনভাছত চিত্র অংকন কৰি বিভিন্ন ঠাইত অনুষ্ঠিত প্রদর্শনীসমূহত তেওঁৰ সৃষ্টি শিল্প কর্মসমূহ প্রদর্শন কৰি দৰ্শকক আপ্লুত কৰি আহিছে।

koliyabar