ম’বাইল ‘এপ’ৰে স্থিতি নিৰীক্ষণ কৰিব পাৰিব সন্তানৰ

পৃথিৱীবাসীক এবাৰ হ’লেও ভৱাই তোলা এই ধাৰণাটো উদ্ভাৱন কৰিছে বাৰ্লিনস্থিত ছবি নিৰ্মাতা, বিজ্ঞান যোগাযোগকৰ্তা তথা আণৱিক জীৱ বিজ্ঞানী হাচেম আল ঘাইলীয়ে।

author-image
Asomiya Pratidin
New Update
ম’বাইল ‘এপ’ৰে স্থিতি নিৰীক্ষণ কৰিব পাৰিব সন্তানৰ

ডিজিটেল ডেস্ক: এই পৃথিৱীত আৰু এতিয়া অসম্ভৱ একো নাই । শেহতীয়াকৈ ‘জীৱ’ও কৃত্ৰিমভাৱে সৃষ্টি কৰিব পৰা হ’ল।হয়, এতিয়া আৰু সন্তান জন্ম দিবলৈ অভিভাৱকসকলে কষ্টৰ সন্মুখীন হ’ব লগীয়া নহয়। মাতৃ গৰ্ভৰ বিপৰীতে এতিয়া এটা ‘পড’ৰ ভিতৰতে ‘এক্টোলাইফ’য়ে সন্তান জন্ম দিব পাৰিব।

Advertisment

এক্টোলাইফ কি ? 

‘এক্টোলাইফ’ হৈছে পৃথিৱীৰ প্ৰথম কৃত্ৰিম গৰ্ভসুবিধা সুবিধা, যিয়ে কৃত্ৰিম গৰ্ভৰ সহায়ত এটি শিশু সম্পূৰ্ণ সুস্থকৈ জন্ম দিব পাৰে।এক 'এলিট পেকেজ'য়ে অভিভাৱকসকলক তেওঁলোকৰ শিশুটিৰ বুদ্ধিমত্তাৰ স্তৰ, উচ্চতা, চুলি, চকুৰ ৰং, শাৰীৰিক শক্তি আৰু ছালৰ ৰং বাছনি কৰিবলৈ অনুমতি দিব।মুঠতে, এতিয়া এক কাৰখানাৰ দৰে পৰিৱেশত এটা শিশু 'উৎপন্ন' কৰিব পৰা যাব।

পৃথিৱীবাসীক এবাৰ হ’লেও ভৱাই তোলা এই ধাৰণাটো উদ্ভাৱন কৰিছে বাৰ্লিনস্থিত ছবি নিৰ্মাতা, বিজ্ঞান যোগাযোগকৰ্তা তথা আণৱিক জীৱ বিজ্ঞানী হাচেম আল ঘাইলীয়ে।

কৃত্ৰিম গৰ্ভৰ সুবিধা কি? 

আল ঘাইলীয়ে এই সন্দৰ্ভত তেওঁৰ এক ৱেবছাইটত উল্লেখ কৰা মতে, ‘এক্টোলাইফ’ৰ এই কৃত্ৰিম গৰ্ভৰ ধাৰণাটোৰ বিযয়ে পঞ্চাশ বছৰতকৈও অধিক সময়ৰ পৰা বিশ্বৰ গৱেষকসকলে গৱেষনা কৰি কৰি আহিছে।ইউ.কে.ৰ এখন আগশাৰীৰ বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি, নৱীকৰণযোগ্য শক্তিৰ ওপৰত চলিব লগীয়া এই সুবিধাটো মুঠ ৭৫ টা পৰীক্ষাগাৰত ৰখাৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিটোতে ৪০০ টা ‘পড’ অৰ্থাৎ কৃত্ৰিম গৰ্ভ আছে। এই কৃত্ৰিম গৰ্ভবোৰে ভ্ৰুণৰ পৰা জন্ম হোৱালৈকে শিশু এটিক মাতৃৰ গৰ্ভৰ ভিতৰত থকাৰ দৰেই একেই পৰিৱেশ প্ৰদান কৰিব।

বাস্তৱ সময়ৰ প্ৰতিটো তথ্য প্ৰদৰ্শন কৰা পডবোৰত স্ক্ৰীণ এখনৰ জৰিয়তে অভিভাৱকে তেওঁলোকৰ শিশুটিৰ বিকাশ আৰু বিকাশৰ হিচাপ ৰাখিব পাৰিব।এই সকলোবোৰ ফোনত এটা ‘এপ’ৰ জৰিয়তে সকলোয়ে নিৰীক্ষণ কৰিব পাৰিব। প্ৰসৱৰ সময়ত নৱজাতকটিক এটা বুটামৰ জৰিয়তে ঠেলি ‘পড’ৰ পৰা আঁতৰ কৰি মাতৃয়ে কোলা শুৱনি কৰিব পাৰিব।

‘এক্টোলাইফ’য়ে আপোনাক এক অতি সুৰক্ষিত, বিষ মুক্ত বিকল্প প্ৰদান কৰে, যিয়ে আপোনাক চাপৰ সম্নুখীন নোহোৱাকৈয়ে সন্তান প্ৰসৱ কৰাত সহায় কৰে।

Also Read: 'পাঠান'ৰ পিছত 'ডাঙ্কি'ক লৈ বিতৰ্কত শ্বাহৰুখ

উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি গৰ্ভধাৰণৰ জটিলতাৰ ফলত বছৰি প্ৰায় ৩ লাখ প্ৰসূতিৰ মৃত্যু হয়।’এক্টোলাইফ’ৰ জৰিয়তে সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে আৰু জীৱন-মৰণৰ লগত খেলা কৰিব লগীয়া নহয়।ইয়াৰ ফলত ‘চি চেক্সন’ৰ যাতনাৰ পৰাও প্ৰসূতিয়ে মুক্তি লাভ কৰিব।