/asomiyapratidin/media/media_files/2025/06/01/zR0WaZJbX2AiGHLYk14n.jpg)
ডিজিটেল সংবাদ, বোকাখাত : ২০১৬ চনত বোকাখাত বিধানসভা সমষ্টি বিধায়ক তথা মন্ত্ৰী অতুল বৰাই দখল কৰাৰ পাছৰে পৰা আজিৰ তাৰিখলৈকে বোকাখাতত বহনক্ষম উন্নয়ন হৈছেনে তাকলৈ এতিয়া সচেনত মহলে প্ৰশ্ন তুলিছে। বিগত সময়চোৱাৰ পৰাই এই প্ৰশ্নটোৰ ব্যাপক চৰ্চা হৈছে বোকাখাতত। কিন্তু বহুসময়ত এই চৰ্চা কেৱল ইছ্যুকেন্দ্ৰিকহে বুলি ক’ব খোজে।
ফলত বোকাখাতত বহনক্ষম উন্নয়নৰ বস্তুনিষ্ঠ চৰ্চা হৈ পৰিছে সুদূৰ পৰাহত। যাৰ ফল ভুগী থাকিবলগীয়া হৈছে সাধাৰণ জনতাই। বোকাখাতত ডাঙৰ ডাঙৰ অট্টালিকা হৈছে, পাৰ্ক হৈছে, ৰাস্তা-দলং হৈছে কিন্তু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত বহনক্ষম উন্নয়ন ক’তোৱেই হোৱা নাই বুলি সমষ্টিবাসীয়ে বহুবাৰ অভিযোগ কৰি আহিছে । সমষ্টিবাসীৰ অভিযোগ সত্য নোহোৱা হ'লে কৃত্ৰিমবানত বোকাখাতবাসীয়ে জীয়াতু ভোগীবলগীয়া নহ'লহেতেন।
শেহতীয়াকৈ বোকাখাত পৌৰসভাৰ পৰা বোকাখাত নগৰ সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বোকাখাতৰ নগৰাঞ্চলৰ ভালেকেইটা ৱাৰ্ডত কৃত্ৰিম বানপানীয়ে ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে। কিন্তু এইক্ষেত্ৰত বিৰামহীনভাৱে নিৰ্মান হৈ থকা অট্টালিকা, অপৰিকল্পিত নলা-নৰ্দমাৰ নিৰ্মানৰ ফলত সাধাৰণ জনতাই ভুগী অহা যমৰ যন্ত্ৰণাৰ দায়িত্ব কোনে গ্ৰহন কৰিব সেই প্ৰশ্নটোক লৈ সৰব নহয় একাংশ জাতীয় সংগঠন আদি ।
/asomiyapratidin/media/media_files/2025/06/01/pi3nqVKSOUrgk5wg0rJT.jpg)
উল্লেখযোগ্য আজি দুবছৰ মানৰ পৰা বোকাখাতৰ কেতবোৰ জলাহভূমিত আৰম্ভ হৈছে পুঁজিপতি বণিয়াৰ কৌশলী দখলৰ ফলত বৰষুণৰ পানীক বহন কৰিব পৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে বোকাখাত নগৰৰ আশে-পাশে থকা জলাহভূমিসমূহে। শেহতীয়াকৈ বোকাখাতৰ লতাবাৰী আৰু কৰৈআতি গাঁৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে যি জলাহ ভূমি আছিল সেই অঞ্চলত হৈছে ব্যাপক কৃত্ৰিম বানপানী ।
উক্ত অঞ্চলত আনকি ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিও এই কৃত্ৰিম বানপানী বাগৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ উক্ত অঞ্চলৰ জলাহভূমিসমূহ এতিয়া কেইজনমান ক্ষমতাশালী পুঁজিপতিয়ে ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিছে। আৰু তাৰেই ফলস্বৰূপে বোকাখাত চহৰৰ বহু কেইটা ৱাৰ্ডত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, আগলৈ আৰু ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত।
/asomiyapratidin/media/media_files/2025/06/01/XXhPExY7XoH84sohT0nu.jpg)
তেনেক্ষেত্ৰত বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰা আৰু বোকাখাত নগৰ সমিতিয়ে বহনক্ষম উন্নয়নৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছেনে ? পূৰ্বতে বাৰিষা কালত এই জলাহভূমিয়ে প্ৰাকৃতিক ভাবেই কাৰ্বি পাহাৰৰ পৰা নামি অহা পানী আৰু কাজিৰঙা হৃদপৃণ্ড ডিফলু নদীৰ অতিৰিক্ত পানী ধৰি ৰাখি বোকাখাত নগৰ তথা কাষৰীয়া গাঁওবোৰক সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু এই জলাহভূমিসমূহ গটাই দিয়া হ'ল বৃহৎ পুঁজিপতিক। ইফালে বহু বিতৰ্কিত লতাবাৰী ডাংম্মিং গ্ৰাউণ্ডৰ প্ৰদূষিত পানী আৰু প্লাষ্টিক আবৰ্জনায়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড ডিফলু নদীলৈ।
আনহাতে, সচেতন ৰাইজে এনেকৈও প্ৰশ্ন তোলে যে, পুঁজিপতি বণিয়াই বোকাখাতৰ ভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি জলাহ ভূমি ক্ৰয় কৰি বিলাসী অট্টালিকা সাজোতে বা আন ব্যৱসায়িক কৰ্মত ব্যৱহাৰ কৰোতে সততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বৰ্হিভাগৰ জলাহভূমিসমূহৰ সংৰক্ষণৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমীসকলৰ ভূমিকা কি আছিল ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us