এজাক বৰষুণতে ডুবিল শিলচৰ...

আধা ঘন্টাৰ বৰষুণতে ডুব গ'ল শিলচৰ চহৰ। সোমবাৰে আবেলি হোৱা এজাক মুষুলধাৰ বৰষুণত শিলচৰ চহৰৰ নেছনেল হাইওৱে পইন্ট, মিছন ৰোডসহ কেইবাটাও গুৰুত্বপূৰ্ণ পথ কৃত্ৰিম বানত ডুব যায়। 

author-image
Asomiya Pratidin
New Update
এজাক বৰষুণতে ডুবিল শিলচৰ...

নিউজ সংবাদ শিলচৰ: মাত্ৰ আধা ঘন্টাৰ বৰষুণতে ডুব গ'ল শিলচৰ চহৰ। সোমবাৰে আবেলি হোৱা এজাক মুষুলধাৰ বৰষুণত শিলচৰ চহৰৰ নেছনেল হাইওৱে পইন্ট, মিছন ৰোডসহ কেইবাটাও গুৰুত্বপূৰ্ণ পথ কৃত্ৰিম বানত ডুব যায়। 

Advertisment

চহৰখনত থকা নলা নৰ্দমাসমূহ পৰিস্কাৰ নকৰাৰ ফলতে এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্ৰিম বানৰ বাবে অসম বিশ্ববিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল এন আই টি আৰু পলিটেকনিকৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ৰোগীসকল ভীষণ সমস্যাৰ সন্মুখীন হ'বলগা হৈছে। 

আনহাতে, কৃত্ৰিম বানৰ ফলত বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰত পানী সোমোৱাত সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল। এই কৃত্ৰিম বানৰ বাবে শিলচৰ পৌৰ নিগম, জিলা প্ৰশাসন আৰু জন প্ৰতিনিধিসকলে দায়ী কৰিছে শিলচৰবাসীয়ে।

বানপানী কৃত্ৰিম বান