এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰিল ঢকুৱাখনাৰ ৭নং ৱাৰ্ডবাসী

আধুনিক ঢকুৱাখনাৰ অপৰিকল্পিত কেঁকুৰা চেপাত ত্ৰাহি মধুসূদন সোঁৱৰিছে ঢকুৱাখনাৰ একাংশ পৌৰবাসীয়ে। এজাক বৰষুণতে ঢকুৱাখনা পৌৰসভাৰ ৭ নং ৱাৰ্ডত হৈছে কৃত্ৰিম বানপানী।

author-image
Asomiya Pratidin
New Update
এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰিল ঢকুৱাখনাৰ ৭নং ৱাৰ্ডবাসী

ডিজিটেল সংবাদ ঢকুৱাখনা: আধুনিক ঢকুৱাখনাৰ অপৰিকল্পিত কেঁকুৰা চেপাত ত্ৰাহি মধুসূদন সোঁৱৰিছে ঢকুৱাখনাৰ একাংশ পৌৰবাসীয়ে। বিধায়ক নৱ দলে আৰু গেৰুৱা বাহিনীৰ তথাকথিত সফলতাৰ নগ্ন স্বৰূপ উদঙাই বিগত প্ৰায় এটা দশকৰো অধিক কাল সীমাহীন যন্ত্ৰণা ভোগী আহিছে ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত ৭নং ৱাৰ্ডৰ নাগৰিকে।

Advertisment

ৱাৰ্ডটোৰ অন্তৰ্গত মানিকপুৰ অঞ্চলৰ নাগৰিকে আজি অভিযোগ কৰা মতে সামান্য এজাক বৰষুণতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় কৃত্ৰিম বানৰ । বৰষুণৰ পানী বৰ্হিগমনৰ সুবিধা নথকা এই অঞ্চলটোৰ শতাধিক পৰিয়াল এজাক বৰষুণ দিলেই এক আঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হৈ ঘৰে বাহিৰে তল গৈ এক অবৰ্ণনীয় জটিল সমস্যাৰ সন্মুখীন হ'ব লগা হয় ।

কেইবা বছৰ জোৰা এই ধাৰাবাহিক সমস্যাৰ সন্দৰ্ভত ভুক্তভোগী নাগৰিকসকলে ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস, সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা, বিধায়ক নৱ দলেক বহুবাৰ সাক্ষাৎ কৰি এই জটিল সমস্যাৰ স্থায়ী সমাধানৰ বাবে খাটনি ধৰি আহিছিল। পিছে এনেবোৰ পক্ষৰ মৰটোপনি নাভাগিল ।

পৰিণতিত ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে এই কৃত্ৰিম বানৰ সমস্যাই। শেহতীয়াভাৱে বিগত প্ৰায় এসপ্তাহ ধৰি পুনৰ একে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৱাৰ্ডবাসী। সমগ্ৰ এলেকাৰ ঘৰ বাৰী বানত ডুব যোৱাত বিশুদ্ধ খোৱা পানী,অনাময় ব্যৱস্থাৰ পৰা বঞ্চিত হোৱা নাগৰিকে এতিয়া হাঁহাকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

অথচ খবৰ নাই অকমন্য পৌৰপতি দাস, কাৰ্যবাহী বিষয়া পৰাগ বৈশ্য,ৱাৰ্ড কমিচনাৰ চন্দ্ৰমা গগৈ চুতীয়াসহ ৰজাঘৰীয়াৰ। ভুক্তভোগী ৰাইজে জনোৱা মতে গাঁওখনৰ প্ৰায় ৮০ শতাংশ পৰিয়াল কৃত্ৰিম বানত ডুবি আছে আৰু শিক্ষাৰ্থীসকল পঢ়া আৰু বিদ্যালয়লৈ যোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে ।  

বাৰিষাৰ কালছোৱা এনেদৰেই বানত ডুবি নৰক যন্ত্ৰণা ভোগী অহাৰ পৰিপ্ৰেক্ষিতত এটা নলা নিৰ্মাণৰ দাবী জনাইছিল ৰাইজে। কিন্তু তালৈ ভ্ৰূক্ষেপ নাই নিষ্কর্মা পৌৰপতি ৰাজীৱ দাসসহ পৌৰ সভাৰ। বিধায়ক দলেয়েও গুৰুত্ব নিদিয়ে এইসকল নাগৰিকৰ প্ৰতি।

যাৰ বাবে বাৰিষাৰ ৬টা মাহ এনেদৰেই জীয়া যন্ত্ৰণা ভোগাৰ গত্যন্তৰ নাথাকে ৱাৰ্ডবাসীৰ। সভাই সমিতিয়ে শাসক দলে আধুনিক ঢকুৱাখনাৰ শ্লোগান দি দম্ভালি মৰাৰ সময়তে পৌৰসভাখনৰ এটা ৱাৰ্ডৰ নাগৰিকে সন্মুখীন হৈ অহা নিৰন্তৰ জটিল সমস্যাই বিধায়ক আৰু গেৰুৱা বাহিনীৰ উলংগ স্বৰূপ জনদৃষ্টিত উদঙাই দিয়া বুলি সৰ্বত্ৰতে চর্চা চলিছে ।

ঢকুৱাখনা কৃত্ৰিম বান