ৰাজ্যত অবৈধ মুক্ত কয়লা খনন হৈ আছে। বিভিন্ন সময়ত এই খননৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় যদিও এনে অবৈধ কয়লা খননৰ বিৰুদ্ধে চৰকাৰে লোৱা নাই কোনো ব্য়ৱস্থা। কি শাসক, কি বিৰোধী সকলোৱে যেন এই অবৈধ কয়লা খননৰ চিণ্ডিকেটৰ কৱলত পৰিছে এতিয়া। শেহতীয়াকৈ বিধানসভাৰ সৰ্ব দলীয় বিধায়কেৰে গঠিত পাব্লিক একাউন্স কমিটিৰ এটা দল গৈছিল মাৰ্ঘেৰিটালৈ।এই দলটোৱে অবৈধ মুক্ত কয়লাখনন পৰিদৰ্শন কৰিবলৈ গৈ কি কৰিলে তাত। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক এক্সক্লোচিভ প্ৰতিবেদন...
মাৰ্ঘেৰিটা,ডিগবৈ আদি স্থানত অবৈধ মুক্ত কয়লা খনন এক ডাঙৰ সমস্যা হৈ পৰিছে। কয়লাৰ এই চিণ্ডিকেট বাহিনীয়ে শক্তিশালী পক্ষৰ আৰ্শীৰ্বাদ লৈ ৰমৰমীয়াকৈ চলাই আছে কয়লাৰ মুক্ত খনন। মাৰ্ঘেৰিটাত চলি থকা অবৈধ মুক্ত কয়লা খননৰ বিৰুদ্ধে বিভিন্ন সময়ত স্থানীয় দল-সংগঠন তথা সচেতন প্ৰকৃতি প্ৰেমীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলেও ইয়াৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ নকৰে কঠোৰ ব্যৱস্থা।
এনে অভিযোগো শুনা যায় যে, এই চিণ্ডিকেট বাহিনীৰ শিপা বিয়পি আছে দিশপুৰলৈকে। শাসকীয় দলৰ ক্ষমতাশালী লোকেও পাই সেই অবৈধ খননৰ পৰা সংগ্ৰহ কৰা ধনৰ অংশ। বিভিন্ন সময়ত সামাজিক মাধ্যমতো প্ৰকাশ পায় এই চিণ্ডিকেট বাহিনীৰ পৰা কোনে কিমান টকা লাভ কৰে তাৰ মাহেকীয়া কৃষ্টিৰ হিচাপ।
অলপতে মাৰ্ঘেৰিটাৰ এই মুক্ত কয়লা খননৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত সেই স্থানত কিদৰে এই খনন চলি আছে তাক প্ৰত্যক্ষভাৱে চাবলৈ গৈছিল অসম বিধানসভাৰ সৰ্বদলীয় বিধায়কেৰে গঠিত পাব্লিক একাউন্স কমিটি। সেই কমিটিয়ে এই অবৈধ মুক্ত কয়লা খননৰ বিৰুদ্ধে মাত মাতি অহা স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক দেৱজিৎ মৰাণক মাতি নিছিল তেনে কিছু স্থান পৰিদৰ্শনৰ বাবে।
দেৱজিৎ মৰাণে অভিযোগ কৰা মতে, প্ৰথমে তেওঁক এই কমিটিৰ সদস্য তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাই তেওঁৰ এই সচেতনতাৰ বাবে প্ৰশংসা কৰিছিল যদিও পৰৱৰ্তী সময়ত ইউ টাৰ্ণ মাৰি ক'লৈ নিছা বুলি দাবী ধমকি হে দিয়ে।
মৰাণে জানিবলৈ দিয়া মতে,অবৈধ কয়লা খননস্থলী চাবলৈ গৈ বেয়া বাট বুলি আধা বাটৰ পৰাই উভতি আহে দলটো। আনকি বিধায়ক বৰভূঞাই দেৱজিৎ মৰাণক হে মিছ লিড কৰা বুলি ধমকি দিয়ে। অথচ মৰাণে জানিবলৈ দিয়া মতে, সেই জৰাজীৰ্ণ পথেৰে আৰু ১০০ মিটাৰ গ'লেই সৰ্বদলীয় এই বিধায়িনী দলটোৱে অবৈধ কয়লাখনি দেখা পালে হেতেন।
বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ এনে আচৰণত আচাৰ্য ব্যক্ত কৰিছে দেৱজিৎ মৰাণে। অসমীয়া প্ৰতিদিন ডিজিটেলক মৰাণে সেই দিনটোৰ অভিজ্ঞাতাৰ বিষয়ে কৈ আক্ষেপ কৰে যে, বিৰোধীয়ে হওঁক বা শাসকীয় দলে হওঁক কোনোৱেই মাৰ্ঘেৰিটাৰ এই মুক্ত কয়লা খনন ৰোধ কৰাৰ পক্ষপাতি নহয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, দৈনিক হাজাৰ-হাজাৰ গাড়ীয়ে মাৰ্ঘেৰিটা-ডিগবৈ আদি স্থানত অবৈধ কয়লা খনন কৰি আহিছে। ইয়াৰ ফলত ঐতিহাসিত পাটকাই পৰ্বত নিঃশেষ হোৱা পথত। একাংশ কয়লা মাফিয়াৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ নামদাং,টিকক,টিৰাপ,কলিয়ৰি,মালোপথা,মুলুং,লালচা আদি ঠাইত অবৈধ মুক্ত খনন এক সাধাৰণ ঘটনা হৈ পৰিছে।
দেৱজিৎ মৰাণৰ মতে, তেওঁলোকে হোটেলত বহি চাহ খাবলৈ হে আহিছিল তালৈ। দিহিং গেষ্ট হাউছত বহি চাহৰ জুতি লৈ তেওঁলোক উভতি গ'ল। এজন স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক হিচাপে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত অবৈধ মুক্ত কয়লা খননৰ বিৰুদ্ধে তেওঁ সদায় সাহসেৰে মাত মাতি যাব বুলি জানিব দিয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, এই অঞ্চলটোত অবৈধ কয়লা খননৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰে ২০২০ চনতে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এজনীয়া এখন আয়োগো গঠন কৰিছিল।
এই আয়োগে অসম চৰকাৰক জমা দিয়া প্ৰতিবেদনত অবৈধ কয়লা খননৰ তদন্ত কৰিবলৈ স্বতন্ত্ৰভাৱে চিবিআইক দায়িত্ব দিয়াৰ পোষকতা কৰিছিল। কিন্তু সেইবোৰ ফুটুকাৰ ফেন হৈ পৰিল ইমান দিনে। আনে নালাগে অসম চৰকাৰৰ জিয়োলজি এণ্ড মাইনিং বিভাগে তিনিচুকীয়া জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সময়ে সময়ে চৰকাৰী পত্ৰ প্ৰেৰণ কৰাৰ নজিৰ আছে।
GM/ET/8-41/7938-41 নম্বৰৰ পত্ৰখনত অবৈধ কয়লাখনি চলাই যোৱা লোকৰ ১৯ জনীয়া এখন তালিকাও সংলগ্ন কৰি দিছিল। সঞ্চালক জি এছ পানেচাৰে প্ৰেৰণ কৰা পত্ৰত এনে কয়লা খননত জড়িত সন্দেহযুক্ত লোকৰ তালিকাত নাম আছিল গোবিন্দ ছেত্ৰী, বি গণেশ, গোবিন্দ প্ৰসাদ,সুনীল গুৰুংগ,বিষ্ণু শৰ্মা, জিত, বিক্ৰম, ৰাজা দত্ত,পিতিকা, মিন্টু ফুকন, সাগৰ ভূঞা,মুন্না,জাকিৰ,মইনুল হক তালুকদাৰ,পান্না লিডু, ৰাজু খান, প্ৰদীপ সিং, কৰণ সিং, ৰাধা চেতিয়া আদিৰ।
তাৰ পাছতো এই অবৈধ কয়লা খনন চলি আছে অঞ্চলটোত। সেইখনো এখন পৃথক পৃথিৱী। এই মুক্ত কয়লা খননত নিয়োজিত বহু শ্ৰমিকে প্ৰাণ হেৰুৱাই যদিও তেনে বহু তথ্য এই কয়লা মাফিয়া সকলে গোপনে ৰাখে। অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে বিধানসভাৰ এই সৰ্বদলীয় দলটোৱে ব্যৱস্থা গ্ৰহণৰ দাবী চৰকাৰৰ ওচৰত জনাব পাৰিলে হেতেন যদিও ৰহস্যজনক কাৰণত দলটো ঘূৰি অহা কাণ্ডই আন এক ৰহস্যৰ সৃষ্টি কৰিছে।